Samiran Phukan Appointed New AASU New General Secretary: আছুৰ নতুন সাধাৰণ সম্পাদক সমীৰণ ফুকন

নিউজ ডেস্ক,২৮জানুৱাৰী: আছুৰ নতুন সাধাৰণ সম্পাদক সমীৰণ ফুকন। সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্বত থকা সমীৰণ ফুকনক শিৱসাগৰৰ সাধাৰণ সভাত ৩ বছৰৰ বাবে সাধাৰণ সম্পাদকৰ দায়িত্ব।
প্ৰতিনিধি সভাত শিৱসাগৰ ছাত্ৰ নেতাজনক মনোনীত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই ঐতিহাসিক তলাতলৰ বাকৰি, পৰাগ চলিহা ষ্টেডিয়ামৰ সমান্তৰালকৈ জিলাখনৰ চৌপাশত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়(Samiran Phukan Appointed New AASU New General Secretary।
সমগ্ৰ অসমৰ ছাত্র প্ৰতিনিধিৰ লগতে অসম তথা শিৱসাগৰৰ কেইবা শতাধিক দল- সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে নৱ-নিৰ্বাচিত ছাত্র নেতাজনক অভিনন্দন জ্ঞাপন কৰে। সমীৰণ ফুকনৰ নেতৃত্বত অসমৰ পুৰণি ছাত্র সংগঠনটোক এক নতুন গতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰে সকলোৱে।
লগতে পঢ়ক :Harmeet Singh Takes Over as Interim DGP : হৰমীত সিঙক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব