Death Threat Sameer Wankhede: শ্বাহৰুখ খানৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা সমীৰ ৱানখেডেক মৃত্যুৰ ভাবুকি
নেশ্যনেল ডেস্ক,১৩ অক্টোৱৰ– বাদশাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হব লগীয়া হৈছিল ।আৰিয়ানক গ্ৰেপ্তাৰ কৰা মূলতে আছিল প্ৰাক্তন খণ্ড সঞ্চালক সমীৰ ৱানখেৰ ।বৰ্তমানে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা এন চি বিৰ প্ৰাক্তন খণ্ড সঞ্চালক সমীৰ ৱানখেডেক লৈ আহিছে মৃত্যুৰ ভাবুকি ।(Indian Revenue Service officer and former NCB Zonal Director Sameer Wankhede has reportedly received death threats.)
ইতিমধ্যে ভাবুকি সন্দৰ্ভত ৱানখেডৰ গোচৰ পঞ্জীয়ন কৰা হৈছে ।প্ৰাপ্ত খবৰ অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে বাংলাদেশৰ এজন ধৰ্মীয় উন্মাদ ব্যক্তিৰ পৰা ফোনযোগে এই ভাবুকি লাভ কৰিছিল ৱানখেডে । (According to reports Wankhede who is currently posted in Chennai has received the threats over phone earlier this week from a religious fanatic from Bangladesh)
প্ৰতিবেদনত আৰু কোৱা হৈছে যে তাৰ পিছত তেওঁ মুম্বাই আৰক্ষী আয়ুক্তলৈ আৰু লগতে মুম্বাইত থকা তেওঁৰ স্থায়ী বাসগৃহৰ ওচৰৰ স্থানীয় আৰক্ষী থানালৈও ইমেইল প্ৰেৰণ কৰি তেওঁলোকক এই ভাবুকিৰ বিষয়ে অৱগত কৰে । থানাত এটা গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে আৰু তদন্ত অব্যাহত আছে। সমীৰ ৱানখেদে এনচিবিৰ মুম্বাই জ’নৰ মুৰব্বী হৈ থকাৰ সময়ত শিৰোনাম দখল কৰিছিল আৰু শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ সৈতে জড়িত কথিত ড্ৰাগছ জব্দৰ গোচৰকে ধৰি কিছুমান হাই-প্ৰফাইল গোচৰ চম্ভালিছিল ।
এই গোচৰত গ্ৰেপ্তাৰ হোৱা এছ আৰ কে আৰু আন লোকৰ পৰিয়ালৰ পৰা ২৫ কোটি টকা দাবী কৰাৰ অভিযোগত চি বি আইয়েও তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। উল্লেখযোগ্য যে এনচিবিয়ে আৰিয়ানৰ জিম্মাত ধাৰাবাহিকভাৱে ত্ৰুটি পোৱাৰ পিছত তেওঁৰ বিৰুদ্ধে গোচৰটো বাদ দিছিল ।প্ৰাক্তন খণ্ড সঞ্চালক সমীৰ ৱানখেদক ভাবুকি প্ৰদান কৰা আৰৰ ৰহস্য কি সেয়া আৰক্ষীৰ তদন্তলৈ অপেক্ষা কৰিব লাগিব ।