Local, Vocal, Global

সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ অৱস্থা অতি সংকটজনক

নিউজ ডেস্ক: সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। গুৰুগ্ৰামৰ মেদান্ত হস্পিতাল কৰ্তৃপক্ষই স্বাস্থ্য বুলেটিনত কয় যে বিশেষজ্ঞ চিকিৎসকৰ এটা দলে নিবিড় যত্ন কৰি চিকিৎসা কৰি আছে। জীৱন দায়িনী ঔষধ দি থকা হৈছে। চিকিৎসকৰ এটা দলে নিৰন্তৰ তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে। সমাজবাদী পাৰ্টিয়ে টুইটাৰ একাউণ্টৰ জৰিয়তে দলৰ সমৰ্থকসকলক মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ বিষয়ে নিৰন্তৰ অৱগত কৰি আহিছে। নেতাজীৰ সৈতে পৰিয়ালৰ সদস্যসকল হস্পিতালতে আছে। দলৰ টুইটাৰ একাউণ্ট যোগে সমৰ্থকসকলক চিকিৎসালয়লৈ নাহিবলৈ আহ্বান জনাইছে৷

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ পিতৃ পুৰুষ মুলায়ম সিং যাদৱৰ অৱস্থাৰ অৱনতি হোৱাৰ পাছত গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বিশেষজ্ঞ চিকিৎসকৰ এটা দলে ইয়াত তেওঁৰ চিকিৎসা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অখিলেশ যাদৱক ফোন কৰি মুলায়ম সিং যাদৱৰ আশু-আৰোগ্য কামনা কৰিছে। চিকিৎসাৰ বাবে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে মোদীয়ে।