সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ মৃত্যু
নিউজ ডেস্ক: সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ অৱস্থা অতি সংকটজনক হৈ পৰাত গুৰুগ্ৰামৰ মেদান্ত হস্পিতালত ভৰ্তি কৰা হৈছিল৷ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে নিবিড় যত্ন কৰি চিকিৎসা কৰি আছিল দিও আজি তেখেতৰ মৃত্যু হয়। চিকিৎসকৰ এটা দলে নিৰন্তৰ তেওঁৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছিল। সমাজবাদী পাৰ্টিয়ে টুইটাৰ একাউণ্টৰ জৰিয়তে দলৰ সমৰ্থকসকলক মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ বিষয়ে নিৰন্তৰ অৱগত কৰি আছিল। নেতাজীৰ সৈতে পৰিয়ালৰ সদস্যসকল হস্পিতালতে আছে। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু সমাজবাদী পাৰ্টিৰ পিতৃ পুৰুষ মুলায়ম সিং যাদৱৰ অৱস্থাৰ অৱনতি হোৱাৰ পাছত গুৰুগ্ৰামৰ মেদান্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অখিলেশ যাদৱক ফোন কৰি মুলায়ম সিং যাদৱৰ আশু-আৰোগ্য কামনা কৰিছিল। চিকিৎসাৰ বাবে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছিল মোদীয়ে।