Samaguri accused detained by police : ধিং কাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই চামগুৰিত জঘন্য ঘটনা
 
				নিউজ ডেস্ক,২৯আগষ্ট : বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড । আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে(Samaguri accused detained by police)।
কোনোবাখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে নেকি দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা(
ধিং কাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ চামগুৰিত সংঘটিত হৈছে জঘন্য ঘটনা। চামগুৰিত এগৰাকী খিলঞ্জীয়া মহিলাৰে অপকৰ্মৰ চেষ্টা চলাই শুকুৰ আলী নামৰ এজন লোকৰ।
চামগুৰিৰ এগৰাকী বিবাহিত মহিলাক অপকৰ্মৰ চেষ্টা চলোৱা শুকুৰ আলীয়ে(Samaguri accused detained by police)।
জানিব পৰা মতে, মহিলাগৰাকীয়ে বজাৰ কৰিবলৈ যোৱাৰ সময়ত চামগুৰিৰ হাস্পতাল পথত সংঘটিত হয় এই ঘটনাটো।অভিযুক্ত লোকজনে অপকৰ্মৰ চেষ্টা কৰোতে ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত শুকুৰ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে। আৰক্ষীয়ে এই ঘটনাৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত।
 
						 
			