Local, Vocal, Global

Salman forcibly become Chulbul Pandey : কাক আতৰাই চলমান হৈছিল ‘চুলবুল পাণ্ডে?

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ১৭ জুন : চলমান খানৰ প্ৰতিখন ছবি আৰু অভিনয়ে সকলো সময়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈ আহিছে Salman Khan) । ছলমান খানৰ জনপ্ৰিয় এটা অভিনয় চৰিত্ৰ হৈছে দাবাং ছবিত অভিনীত চুলবুল পাণ্ডে (Salman forcibly become Chulbul Pandey)।

কাক আতৰাই চলমান হৈছিল ‘চুলবুল পাণ্ডে?

চুলবুল পাণ্ডে খ্যাত চলমান খানৰ এটা জনপ্ৰিয় সংলাপ Swagat nehi karenge Hamara… সেই সংলাপৰ লগে লগে হুইচেল আৰু হাততালিৰে ছবিগৃহত প্ৰতিধ্বনিত হ’বলৈ আৰম্ভ কৰিছিল । অৱশ্যে, এটা ৰহস্যজনক কথা যে চলমান খান কেতিয়াও এই চৰিত্ৰটোৰ বাবে পৰিচালক অভিনৱ কাশ্যপৰ প্ৰথম পছন্দ নাছিল (Salman forcibly become Chulbul Pandey) ।

চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু চুপাৰষ্টাৰ ভাতৃ আৰবাজ খানে নিজেই প্ৰকাশ কৰিছে এই কথা । তেওঁৰ ভাতৃ চলমানে ২০১০ চনত মুক্তি পোৱা দাবাংৰ বাবে প্ৰথম পছন্দ নহয় । যদি চলমান এই ছবিৰ বাবে পছন্দ নাছিল , তেন্তে দাবাং ছবিৰ বাবে নিৰ্মাতাসকলৰ প্ৰথম পছন্দ কোন আছিল ?

উল্লেখ্য যে, ছলমান খানৰ ভাতৃ আৰবাজ খানে কয় যে পৰিচালক অভিনৱ কাশ্যপে ছবিখনত ইৰফান খান অথবা ৰণদীপ হুডাক ছবিখনৰ বাবে অভিনেতা বিচাবে বিচাৰিছিল । অভিনৱে ইৰফানক ছবিখনত অভিনয় কৰিবলৈ মন স্থিৰ কৰিছিল ।

কিন্তু হঠাৎ এনে কি হ’ল, যাৰ বাবে চলমান খানক ‘চুলবুল পাণ্ডে’ কৰি তুলিছিল ?

আৰবাজ খানে মুম্বাই মিৰৰ সৈতে হোৱা বাৰ্তালাপত এই বিষয়ে মুকলিকৈ আলোচনা কৰে আৰু চলমান খানে ছবিখনত অভিনয় কৰাৰ কাহিনীও উল্লেখ কৰে ।

জানিব পৰা মতে অভিন কাশ্যপে দাবাঙৰ বাবে ৰণদীপ হুদা অথৱা ইৰফান খানক চুলবুল পাণ্ডেৰ চৰিত্ৰত কাষ্ট কৰিব বিচাৰিছিল, অৱশ্যে, তেতিয়ালৈকে কাকো চূড়ান্ত কৰা হোৱা নাছিল ।

অভিনৱে চুলবুল পাণ্ডেৰ চৰিত্ৰৰ বাবে ইৰফান খানকে চূড়ান্ত কৰিছিল । অভিনেতাজনেও এই ছবিখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল । তেওঁ অভিনৱ কাশ্যপৰ সৈতে চুলবুল পাণ্ডে হিচাপে কাম কৰিবলৈ সাজু আছিল, কিন্তু অভিনৱে কোনো ফাইনেন্সাৰ পোৱা নাছিল । শেষত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ সময়ত হঠাতে ইৰফান খানে জানিব পাৰিলে যে তেওঁক ছবিখনৰ পৰা বাদ দিয়া হৈছে আৰু চলমান খানক চুলবুল পাণ্ডেৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছে ।

চলচ্চিত্ৰ ছবিখন অভিনৱ কাশ্যপে পৰিচালনা কৰিছিল । কিন্তু কোনেও ছবিখনত কোনো ধন বিনিয়োগ কৰিবলৈ ইচ্ছুক নাছিল । যেতিয়া চলমানে দাবাঙৰ চিত্ৰনাট্য শুনিছিল, তেওঁ অভিনৱক কৈছিল- ‘মই চুলবুল পাণ্ডেৰ এই চৰিত্ৰটো কৰিব বিচাৰো আৰু চলচ্চিত্ৰখন প্ৰযোজনাও কৰিম।’ তাৰ পিছত চলমান খানৰ এই প্ৰস্তাৱ অভিনৱৰ ভাল লাগিল,লগ লগে চুলবুল পাণ্ডেৰ অভিনয়ৰ বাবে সাজু হল বলীউদ চুপাৰষ্টাৰ চলমান খান ।

লগতে পঢ়ক : Jyoti Prasad Agrawal birth anniversary : প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আজি জন্মজয়ন্তী