Local, Vocal, Global

Ambubachi Mela 2023 : ভক্তৰ বাবে বন্ধ হ’ল কামাখ্যা মন্দিৰৰ দুৱাৰ

গুৱাহাটী, ২৩ জুন : আৰম্ভ হ’ল অম্বুবাচী মেলা (Ambubachi Mela 2023) । নীলাচল পাহাৰৰ বুকুত ভক্তৰ ভিৰ । মা কামাখ্যাক আৰাধনাৰ বাবে সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰাও আগমণ ঘটিছে ভক্তৰ। ধৰিত্ৰী ৰজস্বলা হোৱাৰ লগে লগে বন্ধ হৈ পৰিছে মঠ-মন্দিৰৰ দুৱাৰ (Ambubachi Mela 2023) । নিশা ২ বাজি ৩০মিনিট ৪২ ছেকেণ্ডত আৰম্ভ হয় অম্বুবাচীৰ প্রবৃত্তি। লগে লগে পৰাম্পৰাগত ৰীতি-নীতি অনুযায়ী বন্ধ হয় মা কামাখ্যা মন্দিৰৰ দুৱাৰ।

২৩, ২৪ আৰু ২৫ জুনত বন্ধ থাকিব কামাখ্যা ধামৰ দুৱাৰ (temple door to be closed)। ২৬ জুনৰ পুৱা পুনৰ খোল খাব মন্দিৰৰ দুৱাৰ। দেশ-বিদেশৰ অসংখ্য ভক্ত, সাধু-সন্যাসীৰ সমাগামেৰে এতিয়া উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু । এই উথপথপৰ মাজতে আৰম্ভ হৈছে বিখ্যাত অম্বুবাচী মেলা।

সোমবাৰে বিয়লি ২ বাজি ৫৪ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে পুনৰ ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি হ’ব ৷

অম্বুবাচী মেলাক লৈ নিৰাপত্তামূলক ব্যৱস্থা কটকটীয়া কৰি তুলিছে প্ৰশাসনে । মোতায়েন কৰা হৈছে সহস্ৰাধিক নিৰাপত্তাৰক্ষী । নিয়োজিত কৰা হৈছে বহু স্বেচ্ছাসেৱক। সৰ্তকতামূলক ব্যৱস্থা হিচাপে চিচিটিভিৰ ব্যৱস্থা কৰা হৈছে । আৰক্ষী প্ৰশাসনৰ লগতে মন্দিৰ কৰ্তৃপক্ষই সকলোকে অম্বুবাচী মেলা সুকলমে পাৰ কৰাই নিয়াৰ বাবে সহযোগিতা বিচাৰিছে।

উল্লেখ্য যে গুৱাহাটীৰ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰত থকা শক্তিপীঠক দেৱী সতীৰ ৫১টা শক্তিপীঠৰ ভিতৰত এটা বুলি বিশ্বাস কৰা হয় । এই শক্তিপীঠক দেশ-বিদেশৰ সকলো ভক্তই শ্ৰদ্ধাৰে পূজা অৰ্চনা কৰে। সেই উপলক্ষ্যে প্ৰতিবছৰে অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰ প্ৰাংগণত এখন মেলাৰ আয়োজন কৰা হয়। এই মেলাত লক্ষাধিক ভক্তৰ আগমন ঘটে । আজিৰে পৰা অম্বুবাচীৰ মহাযোগ আৰম্ভ ,২২ জুন অৰ্থাৎ আহাৰ মাহৰ ৬ তাৰিখে নিশা ২ বাজি ৩০ মিনিট ৪২ চেকেণ্ডত প্ৰবৃত্তি আৰম্ভ হয় । শক্তিপীঠ কামাখ্যা দেৱালয়ৰ দুৱাৰ অহা ২৩, ২৪ আৰু ২৫ জুন তাৰিখে বন্ধ থাকিব । ২৬ জুনত ৰাতিপুৱা দেৱী স্নান নিত্য পূজা সমাপনৰ পাছত তীৰ্থযাত্ৰীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব।

ইতিমধ্যে শক্তিপীঠ কামাখ্যালৈকে অগণন ভক্তৰ সোঁত বৈছে। এইবাৰৰ অম্বুবাচীত ভক্তসকলে উৎকট গৰমৰ পৰা কিছু সকাহ লাভ কৰিব পৰাকৈ মন্দিৰ প্ৰাংগণত এটা ‘ৰেডিয়েণ্ট কুলিং ছিষ্টেম’ সংস্থাপন কৰা হৈছে ।

লগতে পঢ়ক : Ambubachi Mela : শুকুৰবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত মহা অম্বুবাচী মেলা