Local, Vocal, Global

sai baba devotees collides with truck : ভক্ত কঢ়িয়াই অনা বাহন দুৰ্ঘটনাগ্ৰস্ত; আহত ১৮জনকৈ যাত্ৰী

নেশ্যনেল ডেস্ক,২২মে’ : ধোৰেগাঁও শিৱৰাত সাইবাবা দৰ্শন কৰিবলৈ শিৰডীলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত । ফলত আহত ১৮জনকৈ লোক । সংকটজনক অৱস্থাত ৪জন ।

মঙলবাৰে নিশা প্ৰায় ১১.৩০ বজাত মহাৰাষ্ট্ৰৰ পুণেৰ ছাত্রপতি শম্ভাজীনগৰ ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ এই দুৰ্ঘটনাত বাছখনৰ চালকসহ ১৮ জন লোক আহত হয় ৷ ইয়াৰে ৪ জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে(sai baba devotees collides with truck) ।

জানিব পৰা মতে, কৰ্ণাটকৰ পৰা ৬০ জন ভক্তক লৈ ব্যক্তিগত বাছখনে শিৰডী অভিমুখে আহি থকাৰ সময়তে গংগাপুৰ তালুকৰ ধোৰেগাঁও শিৱৰাত চি এন জি পাম্পৰ সন্মুখত এখন বিয়েৰ ভৰ্তি কণ্টেইনাৰ বাহনত পাচফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ ফলত বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি যায় । লগে লগে স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত সকলো ভক্তক দুৰ্ঘটনাগ্ৰস্ত বাছৰ পৰা উলিয়াই আনি চহৰখনৰ ঘাটি হাস্পতাললৈ প্ৰেৰণ কৰে ৷

চিকিৎসকে তৎপৰতাৰে আহতসকলক চিকিৎসা প্ৰদান কৰি সামান্য আঘাতপ্ৰাপ্তসকলক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়ে । ইফালে গুৰুতৰভাৱে আহত চাৰিজন লোকক বৰ্তমানো চিকিৎসকৰ নিৰীক্ষণত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে । গংগাপুৰ আৰক্ষীয়ে জনোৱা মতে, আৰক্ষীয়ে সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Girl kidnapped in Nagaon : নগাঁৱৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ অপহৰণকাণ্ড