Local, Vocal, Global

Sahityaacharya upendra nath sharma cremated at Navagraha : শিষ্ট সমালোচক, অধ্যাপক পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ নৱগ্ৰহত শেষকৃত্য সম্পন্ন হয়

নিউজ ডেস্ক,১৪ছেপ্তেম্বৰ : বিশিষ্ট সমালোচক, অধ্যাপক পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ দেহাৱসান । শুকুৰবাৰে নিশা চানমাৰিস্থিত নিজা বাসভৱনত শেষনিশ্বাস ত্যাগ কৰা ৯৬ বছৰীয়া পণ্ডিত উপেন্দ্ৰনাথ শৰ্মাৰ। বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে উপেন্দ্ৰনাথ শৰ্মাৰ। শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰা সাহিত্যচাৰ্যগৰাকীৰ শেষকৃত্য শনিবাৰে নৱগ্ৰহত সম্পন্ন হয়(Sahityaacharya upendra nath sharma cremated at Navagraha)।

অসংখ্য গুণমুগ্ধ তথা পৰিয়াল বৰ্গৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হয় সাহিত্যচাৰ্যগৰাকীৰ। শেষকৃত্যত কটন বিশ্ববিদ্যালয় বহুকেইগৰাকী অধ্যাপক লগতে বৰ্তমান ভিন্নক্ষেত্ৰত সুপ্ৰতিষ্ঠিত প্ৰাক্তন ছাত্ৰসকলো উপস্থিত থাকে।

সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ সাহিত্য জগতৰ লগতে শিক্ষা জগতখনতো শোকৰ ছাঁ পেলাইছে। শনিবাৰৰ শেষকৃত্য অনুষ্ঠানতো সাহিত্যিক-সাংবাদিকৰ লগতে ভিন্ন ক্ষেত্ৰত বহু প্ৰতিষ্ঠিত লোক উপস্থিত হৈ সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Sahityaacharya upendra nath sharma cremated at Navagraha)।

লগতে পঢ়ক : Murder accused Madhurya Baruah from Chabua has been arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল চাবুৱাৰ মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক