Sahitya Akademi Award 2023: অসমৰ পাঁচগৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমী বঁটা
নিউজ ডেস্ক, ২৩জুন : শুক্ৰবাৰে ঘোষণা হ’ল চলিত বৰ্ষৰ সাহিত্য অকাডেমী বঁটা । তালিকা অনুসৰি, অসমৰ পাঁচ গৰাকী সাহিত্যিকলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা(Sahitya Akademi Award 2023) ।
অসমৰ পাঁচগৰাকী সাহিত্যিকে কেইবাটাও শিতানত সাহিত্য অকাডেমি বঁটা লাভ কৰি ৰাজ্যখনলৈ কঢ়িয়াই আনিছে গৌৰৱ । অসমীয়া, বড়ো আৰু নেপালী ভাষাত লিখা উপন্যাসৰ বাবে সাহিত্য অকাডেমিৰ যুৱ বঁটা লাভ কৰিছে ক্ৰমে গল্পকাৰ তথা অধ্যাপক জিন্তু গীতাৰ্থ, মাইনাওশ্ৰী দৈমাৰী আৰু নৈনা অধিকাৰীয়ে ৷ ‘মন মৰা তৰা’ শীৰ্ষক গল্প সংকলনটিৰ বাবে জিন্তু গীতাৰ্থই লাভ কৰিছে সাহিত্য অকাডেমীৰ যুৱ বঁটাৰ সন্মান (Sahitya Akademi Award 2023)।
অসমীয়া আৰু বড়ো ভাষাত লিখা দুখখ পৃথক উপন্যাসৰ বাবে শিশু-সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছে শিশু-সাহিত্যিক ৰথীন্দ্ৰনাথ গোস্বামী আৰু প্ৰতিমা নন্দী নাৰ্জাৰীয়ে । ‘পোৱালমণি আৰু চিচিংগাৰ দুসাহসিক অভিযান’ নামৰ উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে ৰথিন্দ্ৰনাথ গোস্বামীয়ে । অসমীয়া শিশু সাহিত্যত এইগৰাকী লেখকৰ অৱদান লেখত ল’বলগীয়া । এইগৰাকী সাহিত্যিকে সাহিত্য অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে তেখেতৰ গুণমুগ্ধ পাঠকসমাজ ।
আনহাতে, বড়ো ভাষাত যুৱ সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছে লেখক মাইনাওশ্ৰী দৈমাৰীক।
লগতে পঢ়ক : Film The Slam Book to Release Soon : “শ্ৰী ৰঘুপতি” ৰ পিছত এইবাৰ ছবিগৃহলৈ আহি আছে “দ্য শ্লেম বুক”