Sahara Group chief Subrata Roy passes away : ৭৫ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিলে সুব্ৰত ৰয়ে
নেশ্যনেল ডেস্ক, ১৫নৱেম্বৰ : ‘সাহাৰা গ্ৰুপ’ৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান। ৭৫ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিলে সুব্ৰত ৰয়ে(Sahara Group chief Subrata Roy is dead)।
কোম্পানীটোৱে এক বিবৃতিযোগে কয় যে,দীৰ্ঘদিন ধৰি শাৰিৰীক সমস্যাত ভুগি আছিল সুব্ৰত ৰয়। দীৰ্ঘদিন ধৰি অসুস্থতাৰ অন্তত মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰাৰ ফলত মৃত্যু হয় ছাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীৰ(Sahara Group chief Subrata Roy, who once ran an empire, dies at 75) ৷
কোম্পানীটোৰ জানিবলৈ দিয়া অনুসৰি সুব্ৰত ৰয়ে দুৰাৰোগ্য মেটাষ্টেটিক মেলিগনেন্সি, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ আদিৰ দৰে জটিল ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল আৰু দেওবাৰে স্বাস্থ্যৰ অৱনতি ঘটিছিল । স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল এণ্ড মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হৈছিল । হাস্পতালত মঙলবাৰে নিশা ১০.৩০ বজাত হৃদযন্ত্ৰৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ চিকিৎসালয়ত মৃত্যু হয়(Sahara Group chief Subrata Roy passes away) ৷
এক বিবৃতিযোগে ছাহাৰাই দুখ প্ৰকাশ কৰি কয় যে , “গভীৰ দুখৰ সৈতে ছাহাৰা ইণ্ডিয়া পৰিয়ালৰ পৰিচালন কৰ্মী তথা অধ্যক্ষ আমাৰ মাননীয় ‘সহাৰাশ্ৰী’ সুব্ৰত ৰায় চাহাৰা ডাঙৰীয়াৰ মৃত্যুৰ কথা অৱগত কৰিছো ৷ তেওঁৰ অভাৱ সমগ্ৰ চাহাৰা ইণ্ডিয়া পৰিয়ালে গভীৰভাৱে অনুভৱ কৰিব(Sahara Group chairman Subrata Roy passes away at 75) । সহাৰাশ্ৰী জী আছিল এক পথ প্ৰদৰ্শক শক্তি, এজন গুৰু আৰু যিসকলে তেওঁৰ সৈতে একেলগে কাম কৰাৰ সৌভাগ্য লাভ কৰিছিল তেওঁলোকৰ বাবে আছিল প্ৰেৰণাৰ উৎস ।”লগতে, ছাহাৰা ইণ্ডিয়া পৰিয়ালে ৰয়ৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ আৰু সংগঠনটোক পৰিচালিত কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক সদায়ে সন্মান জনাই থাকিব বুলি কয়(Sahara Group chief Subrata Roy passes away) ৷