Sadhus protest in Kamakhya Temple : কামাখ্যা ধামত উত্তপ্ত পৰিস্থিতি;আৰক্ষীৰে হতাহতি সাধু-সন্ন্যাসীৰ

নিউজ ডেস্ক,২৫জুন : কামাখ্যা ধামত উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰে হতাহতি সাধু-সন্ন্যাসীৰ। প্ৰশাসনে সাধু-সন্ন্যাসীক অত্যাচাৰ কৰাৰ অভিযোগ, জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত বহিল সাধু-সন্ন্যাসী৷কামাখ্যাৰ মূল প্ৰৱেশ পথত বহি প্ৰতিবাদ ১০ সহস্ৰাধিক সাধু-সন্যাসীৰ। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে সাধু-সন্যাসীয়ে(Sadhus protest in Kamakhya Temple)।
উল্লেখ্য যে ২২ জুনৰ পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা। অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুত ভিৰ কৰিছে সাধু-সন্যাসীয়ে। অম্বুবাচীৰ নিবৃত্তিৰ পিছত মাৰ দৰ্শন কৰিবলৈ নীলাচলত ভিৰ কৰিছে দেশ-বিদেশৰ সাধু-সন্যাসীয়ে। কিন্তু চৰকাৰ-প্ৰশাসনে সাধু-সন্যাসীসকলক উপযুক্ত সুবিধা কৰি নিদিয়াৰ অভিযোগ কৰে তেওঁলোকে।প্ৰয়োজনীয় সুবিধাৰ পৰা বঞ্চিত সাধু-সন্যাসীয়ে আজি সৃষ্টি কৰে এক হুলস্থূলীয়া পৰিৱেশৰ।
লগতে পঢ়ক : Teenage girls missing in Hojai : হোজাইত নিৰুদ্দেশ ১৪ বছৰীয়া কিশোৰী