Local, Vocal, Global

S Jaishankar, Canadian counterpart Melanie Joly hold talks amid strained bilateral ties : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ কানাডাৰ মন্ত্ৰী মেলানিয়া জলীৰ সৈতে বৈঠকত

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ ফেব্ৰুৱাৰী : বৈঠক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু কানাডাৰ বিদেশ মন্ত্ৰী মেলানিয়া জলীৰ । শুকুৰবাৰে মিউনিখ নিৰাপত্তা সন্মিলনৰ সময়ত দুয়োগৰাকী নেতায়ে এক বৈঠকত মিলিত হয় ।

জানিব পৰা মতে, দুয়োগৰাকী নেতাৰ মাজত হোৱা আলোচনাত দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয় । জয়শংকৰ আৰু মেলানিয়া জলীয়ে গোলকীয় পৰিস্থিতি সন্দৰ্ভতো মত বিনিময় কৰে(S Jaishankar, Canadian counterpart Melanie Joly hold talks amid strained bilateral ties) ।

উল্লেখ্য, বিগত বৰ্ষত ভাৰত আৰু কানাডাৰ মাজত তিক্ত সম্পৰ্কৰ সৃষ্টি হৈছিল ।

বিগত বৰ্ষৰ জুন মাহত চাৰেত খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ভাৰত আৰু কানাডাৰ মাজত তিক্ত সম্পৰ্কৰ সৃষ্টি হয়, তাৰ মাজতে দুয়োগৰাকী নেতাৰ মাজত এই আলোচনা অনুষ্ঠিত হয় । আনহাতে, ভাৰতে এই অভিযোগ অস্বীকাৰ কৰি ইয়াক ‘অযুক্তিকৰ’ আৰু ‘উদ্দেশ্য প্ৰণোদিত’ বুলি অভিহিত কৰে(In Munich, S Jaishankar, Canadian Foreign Minister Hold Talks On Bilateral Ties) ।

এক্সৰ এটা পোষ্টত জয়শংকৰে কয়, ” কানাডাৰ বিদেশ মন্ত্ৰী মেলানিয়া জলীক মিউনিখ নিৰাপত্তা পৰিষদৰ সময়ত লগ পাওঁ । আমাৰ মাজৰ কথোপকথনে স্পষ্টভাৱে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰে । লগতে বিশ্বজনীন পৰিস্থিতিৰ ওপৰত মত বিনিময় কৰাটোও যথেষ্ট উপযোগী হিচাপে বিবেচিত হৈছে ।”

ইয়াৰ পূৰ্বে, জয়শংকৰে জাৰ্মান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আন্নালেনা বায়েৰবকৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু বিশ্বজনীন প্ৰত্যাহ্বান আৰু ল’বলগীয়া সমাধান সন্দৰ্ভত আলোচনা হয় । দুয়োগৰাকী নেতাই ভাৰত-জাৰ্মানী আন্তঃচৰকাৰী পৰামৰ্শৰ পৰৱৰ্তী বৈঠকৰ প্ৰhttps://mynewsne.com/elephant-menace-in-kaliabor-3/স্তুতিৰো পৰ্যালোচনা কৰে(Jaishankar, Canadian Foreign Minister discuss bilateral ties amid diplomatic row) ।

লগতে পঢ়ক : Man Elephant conflict : কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞাৰ