Local, Vocal, Global

Russia’s Attacks on Ukraine Increased Civilian Casualties in Dec : ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনত ১০০ ৰো অধিক লোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় ৫০০ জন

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭জানুৱাৰী : ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলা যুদ্ধ সন্দৰ্ভত এক নতুন তথ্য প্ৰকাশ । মঙলবাৰে যুদ্ধ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে ।

প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি , শেহতীয়াকৈ ৰাছিয়াই ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইউক্ৰেইনত চলোৱা আক্ৰমণত ১০০ ৰো অধিক লোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় ৫০০ জন ।

ইউক্ৰেইনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ নিৰীক্ষণ মিছনে কৈছিল যে, যোৱা মাহত অসামৰিক লোকৰ হতাহতৰ সংখ্যা ২৬.৫ শতাংশ বৃদ্ধি পাইছে যি নৱেম্বৰ মাহত ৪৬৮ ৰ পৰা ডিচেম্বৰ মাহত ৫৯২ লৈ বৃদ্ধি পাইছে । ৰাষ্ট্ৰসংঘৰ নিৰীক্ষণ অভিযানৰ মুৰব্বী ডেনিয়েল বেলে কয়, “২০২৩ চনত অসামৰিক লোকৰ মৃত্যু ক্ৰমান্বয়ে হ্ৰাস পাইছিল ৷ কিন্তু ডিচেম্বৰৰ শেষৰ ফালে আৰু ২০২৪ ৰ আৰম্ভনিতে ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে(Russia’s attacks on Ukraine increased civilian casualties in Dec) ৷

ৰাষ্ট্ৰসংঘৰ মিছনে কৈছিল যে, শেহতীয়াকৈ ৰাছিয়াৰ মিছাইল আৰু ড্ৰোন আক্ৰমণৰ পৰীক্ষা কৰি আছে ৷ কাৰণ ২০২৩ বৰ্ষৰ ২৯ ডিচেম্বৰত ইউক্ৰেইনৰ জনবসতিপূৰ্ণ অঞ্চলত আক্ৰমণ কৰিছিল ৷ ফলত ৮৬ জন নাগৰিক নিহত হৈছিল আৰু ৪১৬ জন আহত হৈছিল ।

বুধবাৰে ৰাষ্ট্ৰসংঘৰ মানৱতাবাদী কাৰ্যালয়ৰ সঞ্চালক এডেম ৱোচোৰ্নুৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক জনোৱা অনুসৰি, ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা আক্ৰমণৰ ফলত ১০,২০০ৰো অধিক সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে তাৰ ভিতৰত আছে ৫৭৫টা শিশু ৷ আহত হৈছে ১৯,৩০০ তকৈও অধিক লোক ।ইফালে প্ৰায় ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ দুবছৰ হ’বৰে হ’ল ৷ কিন্তু যুদ্ধ চলি আছে আৰু সংঘৰ্ষৰ সমাপ্তিৰ বাবে শান্তি আলোচনাৰ কোনো লক্ষণ নাই দুয়োখন দেশৰ ।

লগতে পঢ়ক : Jyoti Prasad Agarwala 73nd Death Anniversary : আজি শিল্পী দিৱস, ৰাজ্যজুৰি জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ