Russian Tourist injured in Rhino attack at Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন;গঁড়ৰ আক্ৰমণত আহত বিদেশী পৰ্যটক
নিউজ ডেস্ক,২৮মাৰ্চ : বোকাখাতত গঁড়ৰ আক্ৰমণত আহত বিদেশী পৰ্যটক ৷
বুধবাৰে বোকাখাতৰ ছহীদ কমলা মিৰি চিকিৎসালয়ত ৰাছিয়ান পৰ্যটকজনক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়(Russian Tourist injured in Rhino attack at Kaziranga National Park) ৷
জানিব পৰা মতে, বুধবাৰে কঁহৰাত চিকিৎসাধীন লোকজনক কোনো লোকে আনি বোকাখাত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ আহত ৰাছিয়ান পৰ্যটকজনৰ নাম নিকিতা কৰিয়াভস্কিন বুলি জানিব পৰা গৈছে ৷
শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন থকা ৰাছিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ নিকিতা কৰিয়াভস্কিন নামৰ ৰাছিয়ান পৰ্যটকজনে জনোৱা মতে কলকাতাৰ পৰা তেওঁ ২২ মাৰ্চত অসমলৈ আহে আৰু ২৪ মাৰ্চত কাজিৰঙা পায়হি ৷
তেওঁ জানিবলৈ দিয়া অনুসৰি, বাছ আৰু পদযাত্ৰাৰে আহি তেওঁ কাজিৰঙা পায়হি ৷ বন্যপ্ৰাণী আৰু ব্ৰহ্মপুত্ৰ নদী চাবৰ বাবে তেওঁ বনাঞ্চলত প্ৰৱেশ কৰিছিল ৷ বনাঞ্চলত তেওঁক গঁড়ে খেদে ৷ গঁড়ৰ আক্ৰমণৰ ফলতেই দেহত আঘাত পায় ৷
ইফালে কাজিৰঙাৰ বৰবিল বন শিবিৰৰ বনকৰ্মীৰ মতে ২৪ মাৰ্চৰ পুৱাতেই ব্ৰহ্মপুত্ৰ নহয় তেওঁ বৰবিল গাঁৱৰ সীমাৰে যোৱা মৰা ডিফলু নদীত সাঁতুৰি কাজিৰঙাত সোমাবলৈ চেষ্টা কৰাৰ বাবে আটক কৰি কঁহৰা আৰক্ষীক অৰ্পণ কৰা হৈছিল ৷ আৰক্ষীৰ জিম্মাতে কঁহৰাত চিকিৎসাধীন অৱস্থাত বুধবাৰে বোকাখাতত উপস্থিত হয় তেওঁ(Russian Tourist injured in Rhino attack at Kaziranga National Park) ৷
লগতে পঢ়ক : জলজীৱনক লৈ শংকিত জীৱন!