Local, Vocal, Global

Rupahihat ….Encroachment Laukhuwa forest land:লাওখোৱা অভয়াৰণ্যত অবৈধ বেদখলকাৰীৰ দপদপনি

নিউজ ডেস্ক,৮ জুলাইঃ লাওখোৱা অভয়াৰণ্যত চলিছে অবৈধ বেদখলকাৰীৰ দপদপনি ৷ বেদকলকাৰীয়ে একাংশ অৰ্থলিপ্সু বন বিষয়া, কৰ্মীৰ লগত অবৈধ মিতিৰালিৰে অভয়াৰণ্যৰ ভূমি বেদখল কৰি খান্দিছে বৃহৎ বৃহৎ পুখুৰী ৷ লাওখোৱা অভয়াৰণ্যৰ দন্দুৱা বন শিবিৰৰ  পৰা কঠালগুটিলৈ প্ৰায় হাজাৰ বিঘা ভূমিত অবৈধভাৱে পুখুৰী খন্দি ৰমৰমীয়া মাছৰ ব্যৱসায় চলাই গৈছে বেদখলকাৰীয়ে ৷ (On about a thousand bighas of land from dandua forest camp to Kathalguti in Laokhowa sanctuary, encroachers have been illegally running a pond-digging fish business).বনৰক্ষীয়ে গিজগিজাই থকা অভয়াৰন্যখনৰ ভূমি অতি ৰহস্যজনক ভাবে দুষ্ট চক্ৰটোৱে বেদখল কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

দন্দুৱা বন শিবিৰৰ পৰা মাত্ৰ তিনিশ মিটাৰ নিলগত অবৈধ বেদখলকাৰী দুষ্টচক্ৰটোৱে অভয়াৰণ্যৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি বৃহৎ বৃহৎ ফিচাৰিৰ পাৰ বান্ধি মাছৰ ব্যৱসায় চলাই থকাটোৱে বেদখলকাৰীৰ কবলত পৰি অভয়াৰন্যখনৰ অস্তিত্ব দিনক দিনে বিপদাপন্ন আৰু শেহতীয়াকৈ অতি ভয়াৱহ পৰিবেশ, পৰিস্হিতি য়ে বিৰাজমান কৰাটোৱেই প্ৰমান কৰিছে  ৷ অবৈধ বেদখলকাৰীৰ কবলৰ পৰা লাওখোৱা অভয়াৰন্য উদ্বাৰৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহন নকৰিলে অভয়াৰন্যখন নি:শেষ হবলৈ যে বেছিদিন নালাগিব সেয়া নিশ্চিত ৷

উল্লেখ্যযে মাত্ৰ কিছুদিন পূৰ্বে জুৰীয়াৰ ধিংবৰীচাপৰি গাৱঁৰ দুই ভাতৃ জলিল উদ্দিন আৰু ছমিৰ উদ্দিনক চোৰাং মাছমৰীয়াৰ অভিযোগ উত্থাপন কৰি গুলীয়াই হত্যা কৰি বীৰত্ব প্ৰদৰ্শন কৰা বন বিয়াগোম বন বিভাগৰ চকুৰ সন্মুখত অভয়াৰণ্যৰ ভূমি কি দৰে  বেদখল হৈ আছে সেয়া এক ৰহস্যজনক বিষয়। এই ক্ষেত্ৰত স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।

লগতে পঢ়কঃ Felicitation and financial assistance:মিছিং স্বায়ত্ব শাসন পৰিষদৰ ফালৰপৰা কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা