Local, Vocal, Global

খৰালিত বৰলুইতৰ ৰুদ্ৰমুৰ্তি, জলপ্ৰলয়ৰ কৱলত পৰিব উজনিৰ ডিব্ৰুগড়

নিউজ ডেস্ক: মহা প্ৰলয়ৰ কৱলত পৰিব পাৰে উজনিৰ ডিব্ৰুগড় চহৰ৷ যিকনো মুহূৰ্তত বৰলুইতৰ মথাউৰি ছিগি ডুব যাব পাৰে ডিব্ৰুগড় চহৰ৷ বিগত প্ৰায় ৩০ ঘণ্টা ধৰি নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো ৰক্ষা কৰিব পৰা ব্ৰহ্মপুত্ৰৰ মথাউৰি৷ শ-শ লোকে শ্ৰমদান কৰাৰ পাছতো খহনীয়া ৰক্ষা কৰিব পৰা নাই ৰাইজে৷

ভয়ংকৰ গৰাখহনীয়াৰ কৱলত পৰিছে ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী নগাঘূলী কছাৰীলাইন৷ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ ফলত মথাউৰি ছিগি নিয়াত বৃহৎ অংশ উন্মুক্ত হৈ পৰিব পাৰে। উন্মুক্ত এলেকাৰে পানী সোমাই জলপ্ৰলয়ৰ কৱলত পৰিব পাৰে ডিব্ৰুগড়৷

এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থসাহাৰ্যত নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা স্থানীয় ৰাইজৰ। হাজাৰ হাজাৰ শ্ৰমিকে শ্ৰমদানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰা দেখা গৈছে।ইতিমধ্যে ৯০শতাংশৰ সুৰক্ষা বান্ধৰ মাটি নদীৰ গৰাখহনীয়াই উটুৱাই নিছে।

ইতিমধ্যে ২০০ মিটাৰ ভূমি যোৱা তিনি দিনত জাহ গৈছে বৰলুইতৰ বুকুত। মাইজান আৰু গ্ৰীণউদ বাগিচাৰ বন্ধ কৰি শ্ৰমিকে কৰিছে শ্ৰমদান।