Rs 7.76 lakh seized in election-related operations : মানকাচৰত আৰক্ষীৰ তালাচী অভিযান; অভিযানত জব্দ মুঠ ৭,৭৬,৫০০ টকা
নিউজ ডেস্ক, ১৯মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচন, সষ্টম আৰক্ষী-প্ৰশাসন । ৰাজ্যজুৰি জাৰি কৰা হৈছে লোকসভা নিৰ্বাচনৰ অধিসূচনা। ৰাজ্যজুৰি নাকা তালাচী আৰক্ষীৰ । তাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা-মানকাচৰত আৰক্ষীৰ তালাচী অভিযান চলাই । অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৭,৭৬,৫০০ টকা। নিৰ্বাচনী বিধি উলংঘাৰ কৰাৰ অভিযোগত জব্দ ধনখিনি(Rs 7.76 lakh seized in election-related operations)।
উল্লেখ্য যে, দক্ষিণ শালমাৰাৰ কলাবাৰীত সোমবাৰে নিশা এজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫,৩২,৫০০ টকা। ছৰিফুল ইছলাম নামৰ যুৱকজনৰ পৰা নাকা চেকিঙৰ জৰিয়তে দক্ষিণ শালমাৰা আৰক্ষীয়ে জব্দ কৰে ধনখিনি।
ছৰিফুল ইছলাম গোৱালপাৰা জিলাৰ বাসিন্ধা। মটৰ চাইকেল এখনেৰে দক্ষিণ শালমাৰাত প্ৰৱেশ কৰাৰ সময়ত আৰক্ষীয়ে ধন খিনি জব্দ কৰিছে। ইফালে দেওবাৰেও দক্ষিণ শালমাৰা আৰক্ষীয়ে একেটা স্থানৰ পৰা ১,৬০,০০০ টকা জব্দ কৰিছিল(Rs 7.76 lakh seized in election-related operations in Mankachar)।
ইয়াৰোপৰি মানকাচৰৰ মিৰজুমালাতো মানকাচৰ আৰক্ষীয়ে জব্দ কৰিছে ২,৪৪,০০০ টকা। নিৰ্বাচনী বিধি উলংঘা কৰি ধন খিনি অবৈধ ভাৱে অনা হৈছিল মানকাচৰ সমষ্টিত। ধন খিনিৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে জব্দ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে নিৰ্বাচনী বিধি অনুসৰি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাচত কোনো লোকে একেলগে ৫০ হেজাৰতকৈ অধিক টকা অনা-নিয়া কৰিব নোৱাৰে। অৱশ্য জিলা প্ৰশাসনৰ পৰা অনুমতি পালে ৫০ হেজাৰতকৈ অধিক টকা অনা-নিয়া কৰিব পাৰিব বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : Father and son injured in leopard attack : মৰিয়নিত নাহৰফুটুকীৰ আক্ৰমণত আহত পিতা-পুত্ৰ