CRPF Soldier Shot Dead : বৰপেটা জিলাৰ পাকাবেতবাৰী গাঁৱত কান্দোনৰ ৰোল

সৰ্থেবাৰী, ১২অক্টোবৰ : বৰপেটা জিলাৰ পাকাবেতবাৰী গাঁৱত কান্দোনৰ ৰোল। নিজ আত্মীয়ক হেৰুৱাই শোকত ভাঙি পৰিছে পৰিয়ালৰ লোকে(CRPF Soldier Shot Dead) ।
উল্লেখ্য যে কৰ্তব্যৰত অৱস্থাতেই মৃত্যু হৈছিল চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ। মঙলবাৰে দিনৰ প্ৰায় দুই মান বজাত সংঘটিত হৈছিল এক ঘটনা ,যি ঘটনাই কঁপাই গৈছিল ৰাজ্য । কৰ্তব্যৰত অৱস্থাতেই চি আৰ পি এফ জোৱান এজনে গুলিবিদ্ধ হৈ মৃত্যুক আকোৱালি লৈছিল । গুলিবিদ্ধ হৈ মৃত্যু হোৱা জোৱান জনত আত্মহত্য়া কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।
গোলাঘাটস্থিত বি/১৪২ নং চিআৰপিএফ বেটেলিয়নৰ বিষয়ববীয়াই জানিবলৈ দিয়া অনুসৰি গোলাপ হুছেইন গোলাঘাটৰ চিআৰপিএফৰ বি/১৪২ নং বেটেলিয়নত কৰ্মৰত আছিল আৰু সেই সময়তে নিজৰ ছাৰ্ভিছ বন্দুকৰ গুলিত নিহত হয় ।
তেওঁলোকে লগতে জানিবলৈ দিয়ে যে , গুলীবিদ্ধ জোৱানজনৰ নিথৰ দেহ কেম্পৰ বাহিৰৰ ৰাস্তাৰ কাষত পৰি আছিল।
জানিব পৰা মতে, দহদিনৰ ছুটী লৈ ঘৰত আহিছিল জোৱানজন তাৰ পিছত দেওবাৰে গোলাঘাটৰ উৰিয়ামঘাটৰ কেম্পলৈ গৈছিল। গোলাঘাটৰ যোৱাৰ এদিন পিছতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।
এই মৃত্যুক পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে সহজভাৱে মানি ল’ব পৰা নাই।
বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় তিনিমান বজাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি হাউলী চিআৰপিএফৰ জৰিয়তে মৃতদেহ পাকাবেতবাৰীৰ বাসগৃহত লৈ আহে । মৃতদেহ ঘৰত পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলজুৰি ।
মৃতদেহ নিজ বাসগৃহ পোৱাৰ পিছতে ধৰ্মীয় ৰীতি নীতিৰে শ শ লোকৰ উপস্থিতিত জানাজা সম্পৰ্ন কৰে চিআৰপিএফ জোৱানজনৰ ।
এই ঘটনাৰ সম্পৰ্কে পৰিয়ালৰ লোকে গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰক এক নিৰপেক্ষ তদন্ত কৰি মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ আহ্বান জনাই ।
অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনো ধৰণৰ তথ্য লাভ কৰা নাই । এয়া আত্মা হত্যা নে অন্য কিব সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তনত আছে । আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিত সত্যতা ।
লগতে পঢ়ক :CRPF Soldier Shot Dead : নিজৰ বন্দুকেৰে গুলিয়াই আত্মহত্যা চি আৰ পি এফ জোৱানৰ !