Local, Vocal, Global

Ronoj Pegu’s announcement: ২০ শতাংশতকৈ কম উপস্থিত থকা শিক্ষকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা

নিউজ ডেস্ক,৭ জুলাইঃ শিক্ষা সেতু এপত অনুপস্থিত ৪৯০৭ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ। ৰাজ্যৰ চৰকাৰৰ শিক্ষা বিভাগৰ ‘শিক্ষাসেতু’ এপত দীৰ্ঘদিনে অনুপস্থিত হৈ আছে ৩৩খন জিলাৰ ৪সহস্ৰাধিক শিক্ষক।বহুসংখ্যক শিক্ষকে শিক্ষাসেতু এপত তেঁওলোকৰ যি উপস্থিতি অন্তৰ্ভুক্ত কৰিব লাগে, সেই উপস্থিতিৰ প্ৰতি সহাৰি নিদিয়া পৰিলক্ষিত হৈছে। দীঘলীয়া সময় ধৰি বিদ্যালয়ত উনুপস্থিত থকা বুলি দেখুওৱা শিক্ষকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা।(The state government has taken punitive action against the teachers who have been shown to be in school for a long time).

সেইমতে বিদ্যালয়ত অনুপস্থিত থকা বুলি দেখুওৱা শিক্ষকসকলক অনুপস্থিতিৰ বিষয়টো পৰীক্ষা কৰিবলৈ জিলা পৰ্যায়ৰ শিক্ষা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।জিলা পৰ্যায়ৰ পৰা এই প্ৰতিবেদন নোপোৱা পৰ্যন্ত বিদ্যালয়ত অনুপস্থিত থকা বুলি পোৱা শিক্ষকসকলৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

শিক্ষা সেতুত এদিনো উপস্থিত নিদিয়াসকলৰ তদন্ত সম্পন্ন হোৱাৰ পিছত ১০ শতাংশ আৰু ২০ শতাংশতকৈ কম উপস্থিত থকা শিক্ষকসকলক প্ৰশ্ন কৰা হ’ব।

লগতে পঢ়কঃ NDA-India at the front line again:১০ জুলাইত সাত ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন