WATCH | Rongali Bihu : বিহুৰ বতৰত উত্তৰ গুৱাহাটীত আদৰ বাঢ়িছে থলুৱা শিপিনীয়ে উৎপাদন কৰা গামোচাৰ সমাদৰ
উত্তৰ গুৱাহাটী,১৫এপ্ৰিল : পহিলা ব’হাগৰ দিনটো মানুহ বিহু হিচাপে উদযাপন কৰে প্ৰতিজন অসমীয়াই ।
কুশল মংগল কামনাৰে জ্যেষ্ঠ জনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে কনিষ্ঠজনে ।
চেনেহৰ বিহু আনেৰে সম্ভাষণ জনায় এজনে আনজনক(Rongali Bihu)।
অসমীয়াৰ স্বাভিমানৰ প্ৰতিক গামোচাৰ আদৰ বাঢ়ে বিহুৰ বতৰত ।
বিহুৰ বতৰত উত্তৰ গুৱাহাটীত আদৰ বাঢ়িছে থলুৱা শিপিনীয়ে উৎপাদন কৰা গামোচাৰ সমাদৰ ।
বিহুৰ সময়তো দিনে নিশাই তাঁত শালত গামোচাত ফুল তুলাত ব্যস্ত এজাক শিপিনী ।
গামোচাত শিপিনীয়ে বৈছে শৰাই, জাপি, ঢোল, পেঁপাকে ধৰি বিভিন্ন আকাৰৰ ফুল ।
উত্তৰ গুৱাহাটী অভয়পুৰৰ “মহুৰা তাঁত শালে” বিক্ৰী কৰিছে কেইবা সহস্ৰাধিক গামোচা ।
মহিলা উদ্যমিতা আৰু স্বাৱলম্বীতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে আল্পনা বেজবৰুৱা নামেৰে এগৰাকী উদ্যমী গৃহিনীয়ে।
ৰাজ্য চৰকাৰে থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচাক প্ৰাধান্য প্ৰদান কৰাৰ পাছতে এৰাব নোৱাৰা ব্যস্ততা এইসকল শিপিনীৰ মাজত।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: ছিপাঝাৰ আঞ্চলিক ছাত্ৰ-সন্থাই আয়োজন কৰিছে জেংবিহু