WATCH | Rongali Bihu 2025 : ধিঙত ৰঙালী বিহুক আদৰিবলৈ ৰাম কৃষ্ণ বাদ্য ভাণ্ডাৰ ব্যস্ততা
ধিং,৫এপ্ৰিল : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ অসমীয়া ডেকা- গাভৰুৰ গাত যেন এতিয়া ত’ত নাই । শিপিনী সকলে বিহুত আপোন জনক তথা পৰিয়ালৰ লোকক বিহুৱান খন বৈ উলিওৱাত ব্যস্ত ঠিক তেনেদৰে বাদ্যযন্ত্ৰ বনোৱা মিস্ত্ৰি তথা শিল্পী সকলৰো এতিয়া অকনো আহৰি নাই ।
নগাওঁ জিলা ধিঙৰ ৰাম কৃষ্ণ বাদ্য ভাণ্ডাৰ বাদ্যযন্ত্ৰ বনোৱা শিল্পী সকলৰ ঢোল আদি বনোৱাত ব্যস্ত এতিয়া(Rongali Bihu 2025)।
তেওঁলোকৰ প্ৰস্তুত কৰি উলিওৱা ঢোল সমূহ অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় আৰু যোৰহাট আদিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ যায় ।
ঢোল সমূহৰ মূল্য কাঠৰ ওপৰত নিৰ্ভৰ কৰি একো একোটা ঢোলৰ মূল্য ছয় হাজাৰ পৰা দহ হাজাৰ । তেওঁলোকৰ বৰ্তমানে ষাঠি পৰা সত্তৰ প্ৰস্তুত কৰি উলিয়াইছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ লগত যোগাযোগ কৰিছে।
লগতে পঢ়ক : WATCH | Sensational incident : বিলাসীপাৰাত পত্নী হত্যাকাৰী মূল মাষ্টাৰমাইণ্ড ৰফিকুল ইছলাম আৰক্ষীৰ জালত