WATCH | Rongali Bihu 2025 : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন
জাগীৰোড,৫এপ্ৰিল : বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৷ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷
বহাগ বিহুৰ প্ৰাকক্ষণত সদৌ জাগীৰোড ৰঙালী বিহু সন্মিলন, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জাগীৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা হৈছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা(Rongali Bihu 2025)৷
উঠি অহা নৱপ্ৰজন্মই যাতে বিহুক শুদ্ধ ৰূপত পৰিৱেশন তথা উপস্থাপন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা হৈছে ৭ দিনীয়া এই কৰ্মশালা ৷ কৰ্মশালাত কণকণ শিশুৰ লগতে প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে বিহুনাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷
উল্লেখ্য যে, ইচ্ছুক প্ৰশিক্ষাৰ্থীয়ে আগন্তুক দুদিনৰ ভিতৰত নাম পঞ্জীয়ন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷
লগতে পঢ়ক : WATCH | Massive fire breaks out: তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ গৌৰীপুৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড