WATCH | Rongali Bihu 2025: ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী

চতিয়া,৩০মাৰ্চ : ৰঙালী বিহুলৈ মাজত মাথোঁ কেইদিনমান বাকী। ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ বিহু আৰু ঢোল বাদনৰ কৰ্মশালা।
এয়া চতিয়াৰ দৃশ্য ৷ শতবৰ্ষ গৰকা অসমৰ প্ৰথম খন মুকলি বিহু মেলা মাধুৰী আহতৰ বিহু বাকৰিত এতিয়া এই দৰেই চলিছে বিহু আৰু ঢোল বাদনৰ কৰ্মশালা ৷ অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা যোৱা ২৭ মাৰ্চৰ পৰা অহা ১০ এপ্ৰিললৈ এইদৰে অনুষ্ঠিত হ’ব বিহুৰ কৰ্মশালা ৷ বিহুক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা যায় সেই উদ্দেশ্যৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি জানিব দিছে উদ্যোগতা সমিতিয়ে(Rongali Bihu 2025) ৷
লগতে পঢ়ক :WATCH | Teok News : পদ্মশ্ৰী যাদৱ পায়েঙৰ নামত প্ৰৱৰ্তন হ’ল আন্তঃৰাষ্ট্ৰীয় বঁটা