WATCH | Rongali Bihu 2025: বাপতি সাহোন ৰঙালী বিহুলৈ কেইটামান দিন বাকী থকা সময়ত ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ
জামুগুৰিহাট,৩০মাৰ্চ : হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন। বাপতি সাহোন ৰঙালী বিহুলৈ কেইটামান দিন বাকী থকা সময়ত ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাতাসকলৰ৷ জামুগুৰিহাটৰ টুপীয়াৰ “বিনিতা বাদ্য ভাণ্ডাৰ” ত নিৰ্মাণ হৈছে শতাধিক ঢোল ৷ ব্যস্ততাৰ অন্ত নাই ঢোল নিৰ্মাণ কৰা কাৰিকৰ নৰেন দাসৰ ৷
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিছে বিহু কৰ্মশালা৷ ঢুলীয়াৰ ঢোলৰ মাতত ৰজনজনাই থকা বিহু কৰ্মশালা সমুহত আনন্দত আত্মহাৰা নাচনী সকলেও ককাল ভাঙি নাচিছে ৷ ইয়াৰ মাজতে আকৌ ঢোল নিৰ্মণৰ কাৰিকৰ সকলেও নতুন ঢোল নিৰ্মণৰ কাম কৰি থকা আৰু পুৰনি ঢোলৰ মেৰামতিৰ কামত ব্যস্ত হৈ পৰা দেখা গৈছে(Rongali Bihu 2025)৷
এই ক্ষেত্ৰত অৱশ্যে পিছ পৰি থকা নাই জামুগুৰিহাট৷ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপীয়াৰ বিনিতা বাদ্য ভাণ্ডাৰ টো ঢোল নিৰ্মনৰ কামত ব্যস্ত হৈ পৰিছে নৰেন দাস নামৰ ঢোলৰ কাৰিকৰ গৰাকী৷ বৰ্তমানলৈকে এশৰো অধিক ঢোল নিৰ্মন কৰি উলিওৱাৰ লগতে শতাধিক ঢোলৰ মেৰামতিৰ কাম কৰি দিছে এই গৰাকী ঢোলৰ কাৰিকৰ নৰেন দাসে ৷ যিহেতু হেঁপাহৰ ৰঙালীলৈ মাজত মাথো কেইটামান দিন বাকী৷
এনে অৱস্থাত নাচনী ঢুলীয়াৰ গাত যিহেতু ত’ত নাই গতিকে আৰু ব্যস্ততাৰ অন্ত নাই বিহুৰ অন্যতম প্ৰয়োজনীয় বাদ্য যন্ত্ৰ ঢোল নিৰ্মাণ কৰা এই কাৰিকৰ সকলৰ। যাৰ বাবে দিনে নিশাই ঢোলৰ কাৰিকৰ ব্যস্ত হৈ পৰিছে কেৱল ঢোল নিৰ্মনৰ হে কামত ৷ ঢোলৰ কাৰিকৰ নৰেন দাসে নিৰ্মন কৰা ঢোল জিলাখনৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰন কৰাৰ উপৰিও বৃহত্তৰ জামুগুৰিহাট অঞ্চলত বিহু কৰ্ম্মশালা অনুষ্ঠিত কৰা বিহু কমিটি সমুহৰ লগতে ব্যক্তিগত ভাবেও বহুকেইগৰাকী ঢুলিয়াই ৫০০০ ৰ পৰা ৮০০০ টকা দৰত নিজৰ পচন্দৰ প্ৰতিটো ঢোল ক্ৰয় কৰি নিছে।
সম্প্ৰতি গ্ৰাহকেও ভিৰ কৰিছে ঢোল নিৰ্মতা প্ৰতিষ্ঠানত ঢোল ক্ৰয় কৰিবলৈ। জামুগুৰিহাটৰ টুপীয়াৰ বিনিতা বাদ্য ভাণ্ডাৰ ৰ স্বত্বাধিকাৰী নৰেন দাস নামৰ ঢোলৰ কাৰিকৰ গৰাকীয়ে জানিবলৈ দিয়া মতে তেও প্ৰায় ২২ বছৰ ধৰি এই ঢোল নিৰ্ম্মান কৰ্মৰ জৰিয়তে পৰিয়াল পোহ পাল দি চলি আছে আৰু লগতে কেইবা গৰাকীও সহযোগীক দিছে কৰ্ম সংস্থাপন৷
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলন