WATCH | Rongali Bihu 2025: সমাগত হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু
দেৰগাঁও,২৪মাৰ্চ : সমাগত হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু ।
অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহুৰ আখৰা। ঢোল ,পেপা তালৰ শব্দই মুখৰিত হৈছে অসমৰ আকাশ বতাহ। তাৰ সমান্তৰালভাৱে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ স্থায়ী সমিতিয়ৰ উদ্যেগত দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক বিহু আখৰা অনুষ্ঠান(Rongali Bihu 2025)।
য’ত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দিছে । য’ত মুখ্য প্ৰশিক্ষক হিচাপে আছে বিহু ৰাণী ৰাধীকা ৰাণী দাস ৷ দেৰগাঁও অঞ্চলৰ কনকন ছাত্ৰছাত্ৰী সকলে ইয়াত প্ৰশিক্ষণ লাভ কৰিছে।
লগতে পঢ়ক : WATCH | Orunodoi 3.0 scheme: বিলাসীপাৰাত অৰুণোদয় ৩.০ আঁচনি বাচনিৰ নামত ব্যাপক অনিয়ম