WATCH | Rongali Bihu 2025: ৰঙিয়া আৰক্ষী থানাৰ উদ্যোগত ৰঙালী বিহু উদযাপন
ৰঙিয়া,১৫এপ্ৰিল : ৰঙিয়া আৰক্ষী থানাৰ উদ্যোগত ৰঙালী বিহু উদযাপন।গৰু বিহুৰ দিনাই উখল মাখল হৈ পৰে ৰঙিয়া আৰক্ষী থানাৰ চৌহদ।
বিহু নৃত্যৰে জীপাল হৈ পৰে সমগ্ৰ পৰিবেশ । দ্বিতীয় বাৰৰ ৰঙিয়া আৰক্ষী থানাত উৎযাপন কৰা হৈছে ৰঙালী বিহু। কাৰ্য্যসূচী অনুসৰি প্ৰথমে ৰঙিয়াৰ বয়োজ্যেষ্ঠ তথা বিশিষ্ট ব্যক্তিসকলক একাখনকৈ ফুলাম গামোচাৰে সম্ভাৰ্থনা জনাই ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ দাসে(Rongali Bihu 2025)।
ইয়াৰ পিছতে স্থানীয় কেইটা মান বিহু দলে বিহু নৃত্য পৰিৱেশন কৰি জীপাল কৰি তোলে সমগ্ৰ পৰিবেশ।
লগতে পঢ়ক : WATCH | Happy Rongali Bihu 2025: অসমীয়াৰ জনজীৱন চহকী কৰা ব ‘হাগত ফুলা কপৌফুলৰ মহত্ব কি?