Local, Vocal, Global

WATCH | Rongali Bihu 2025: ধিং খ্ৰীষ্টজ্যোতি বিদ্যালয়ত আগতীয়া ৰঙালী বিহু উৎসৱ উদযাপন

ধিং,১২এপ্ৰিল : কাইলৈ ব’হাগ বিহুৰ উৰুকা। পৰম্পৰা ৰক্ষা কৰি অসমীয়াই উদযাপন কৰিব হেঁপাহৰ ৰঙালী। ধিং খ্ৰীষ্টজ্যোতি বিদ্যালয়ত আগতীয়া ৰঙালী বিহু উৎসৱ উদযাপন ।

অসমীয়া জাতি বাপুতি সাহোন ৰঙালী বিহুটি উঠি অহা প্ৰজন্মৰ মাজত ধৰি ৰখাৰ প্রচেষ্টাৰে আজি নগাঁও জিলাৰ ধিং খ্ৰীষ্টজ্যোতি বিদ্যালয়ত আগতিয়াকৈ ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয়(Rongali Bihu 2025)।

আজি ছাত্ৰ-ছাত্ৰী লগতে শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকি উদযাপন কৰা ৰঙালী বিহু মঞ্চ উদ্বোধন কৰে ধিং মহাবিদ্যালয় অধ্যক্ষ ড০ বিমান হাজৰিকাই । ছাত্ৰ-ছাত্ৰী সকলৰ বিহু নৃত্য, জেং বিহু, হুঁচৰি আদি পৰিৱেশন কৰা লগতে শিক্ষয়িত্ৰী সকলেও বিহু নৃত্য, জেং বিহু আৰু হুঁচৰি পৰিৱেশন কৰে।অনুষ্ঠানত প্ৰায় দই শতাধিক অভিভাৱক- অভিভাৱিকা উপস্থিত থকা সকলোকে বিহু প্ৰদৰ্শনে আপ্লুত কৰে ।

বিদ্যালয় খনৰ ছাত্র-ছাত্রী তথা শিক্ষক – শিক্ষকয়িত্ৰী সকলে অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহুটি যেন ধৰি ৰখাৰ প্রচেষ্টা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : WATCH | Hanuman Jayanti 2025 : উত্তৰ গুৱাহাটীত উত্তৰ পুৰ্বাঞ্চলৰ সৰ্ব বৃহৎ শ্ৰী শ্ৰী হনুমান জয়ন্তী