Local, Vocal, Global

WATCH | Rongali Bihu 2025: বাপতি সাহোন ৰঙালী বিহু সমাগত;ৰাজ্যৰ ভিন্ন প্ৰান্তত উখল-মাখল পৰিৱেশ

ডিব্ৰুগড়,১১মাৰ্চ : বাপতি সাহোন ৰঙালী বিহু আগমনক লৈ এতিয়া ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলাইছে বিহু আখৰা আৰু প্ৰস্তুতি। অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইতো চলাইছে বিহু আখৰা(Rongali Bihu 2025)।

ডিব্ৰুগড় ন-প্রকৃতি নতুন গাঁৱতো ৰাঙলী বিহুক আদৰাক লৈ বিহু আখৰা চলায় । ন-প্রকৃতি নতুন গাঁও বিহুৱা দলৰ সৌজন্যত ডিব্ৰুগড় নতুন গাঁও (ব্রহ্মপুত্র ইস্টিটিউট অফ্ টেক্স’ লজি প্রাঙ্গন) সপ্তাহ জোৰা ১ম বার্ষিক বিহু আখৰা অনুষ্ঠিত হৈ যায়।

এই বিহু আখৰাত বিহুনাচ, মৌ-কুৱঁৰী, বিহুৱতী, বিহুনাম, বিহুবাদ্য প্ৰশিক্ষণ দিয়া হয়। শতাধিক বিহু প্ৰেমী সাংস্কৃতিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
মুখ্য প্রশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায় বৰ বিহুৱতী ক্ৰমে দিপীকা গগৈ আৰু জ্যোৎস্না গগৈয়ে। ১০ মাৰ্চত এই বিহু সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

লগতে পঢ়ক :WATCH | Massive fire breaks out : চাপৰৰ ফলিমাৰীত চলন্ত বাহনত জুই