WATCH | Rongali Bihu : দুৱৰীপাৰা নৱমিলন সংঘৰ ৰঙালী বিহু উদযাপন
ছিপাঝাৰ,৬মে’ : বিগত বৰ্ষৰ দৰে এইবেলিও ছিপাঝাৰৰ দুৱৰীপাৰা নৱমিলন সংঘৰ উদ্যোগত ইয়াৰ চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু উৎসৱটি সোমবাৰে এদিনীয়াকৈ উদযাপন কৰা হয়(Rongali Bihu)।
পুৱা ভাগত নিৰ্ধাৰিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত সন্ধিয়া ৬ বজাৰত অনুষ্ঠিত হয় মুকলি বিহু প্ৰদৰ্শনী, বিহু নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক গোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন।
বিহুত মোহাচ্ছন্ন হৈ কেইবা শতাধিক লোকে দুপৰ নিশালৈ উপভোগ কৰিলে মুকলি বিহু। সাংস্কৃতিক কৰ্মী মহেশ শমাই আঁতধৰা অনুষ্ঠানত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক : WATCH | Pijush Hazarika : ”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কষ্ট ৰাইজে দেখিছে,ৰাইজে ভোট দিব”