WATCH | Rongali Bihu : জামুগুৰিহাটৰ নবিল বড়ো গাওঁ যুৱক সংঘৰ সৌজন্যত নৱম বাৰ্ষিক ৰঙালী বিহু উদযাপন
জামুগুৰিহাট,৫মে’ : জামুগুৰিহাটৰ নবিল বড়ো গাওঁ যুৱক সংঘৰ সৌজন্যত নৱম বাৰ্ষিক ৰঙালী বিহু উদযাপন।
জামুগুৰিহাটৰ তৌভঙা নবিল বড়ো গাওঁ যুৱক সংঘৰ সৌজন্যত নৱম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। এই উপলক্ষ দেওবাৰৰ পুৱাই পতাকা উত্তোলন কৰে সমাজকৰ্মী শ্যামন্ত মেছে(Rongali Bihu)।
ইয়াৰ পিছতে অনুষ্ঠিত হয় মূল অনুস্থান আৰু বটা বিতৰণী সভাৰ ৷ উক্ত বটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে সমাজকৰ্মী হৰকান্ত দৈমাৰী, পুষ্প কান্ত মেছ, লক্ষী মেছ, মাধৱ বসুমতাৰী, মীনাৰাম দৈমাৰী , কামিনি মেছ , চুনিল মেছৰ লগতে গণ্য মাণ্য ব্যক্তি সকল। অনুষ্ঠানটিত বিভিন্ন প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত সকলৰ মাজত বঁটা বিতৰন কৰা হয়৷
ইয়াৰ পিছৰ সাংস্কৃতিক সন্ধিয়াত স্থানীয় শিল্পীসকলে বিভিন্ন নৃত্য-গীত পৰিবেশন কৰাৰ লগতে মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় কন্ঠশিল্পী ধনঞ্জয় বড়ো গীতৰ শৰাই৷
ইয়াৰ মাজতে স্থানীয় শিল্পী ধনঞ্জয় দৈমাৰীয়েও গীত পৰিবেশন কৰি হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটি সফল কৰাৰ বাবে নবিল বড়ো গাওঁ যুৱক সংঘৰ সভাপতি প্ৰণৱ জ্যোতি নাৰ্জাৰী আৰু সম্পাদক চন্দন মেচে সকলোশ্ৰেণীৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
লগতে পঢ়ক : WATCH | Barpeta News : ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হাইদৰ আলী আহমেদৰ বিশাল বাইক ৰেলি