Local, Vocal, Global

WATCH | Rongali Bihu : মুছলপুৰত মুকলি বিহু প্ৰদৰ্শন

মুছলপুৰ,২২এপ্ৰিল : এয়া বসন্তৰ সময় । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে এতিয়া অনুষ্ঠিত হৈছে বিহুৰ বিবিধ অনুষ্ঠান । বাক্সা জিলাৰ মুছলপুৰতো ৫৬ তম মুছলপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত ৰূপায়িত হৈছে মুকলি বিহু প্ৰদৰ্শন কাৰ্যসূচী।

কেবাটাও আমন্ত্ৰিত বিহুৱা দলে প্ৰদৰ্শন কৰিছে তেওঁলোকৰ বিহু(Rongali Bihu)। ইয়াৰ মাজতে বিহুপ্ৰেমী ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শিৱসাগৰৰ নাজিৰাৰ ছোৱালী বিহুৱা দলটি ।

ধুতি-চোলা পিন্ধি, মূৰত গামোচা মাৰি, কঁকালত টঙালি মেৰিয়াই প্ৰদৰ্শন কৰিলে তেওঁলোকৰ বিহু । ঢোলৰ শব্দ, পেপাৰ মাতত ৰজনজনালে মুছলপুৰৰ আকাশ-বতাহ । প্ৰতিকূল বতৰকো নেওচি মুছলপুৰত ৰাইজে পালন কৰিলে হেঁপাহৰ ৰঙালী।

লগতে পঢ়ক : WATCH | Doom Dooma News : মন্ত্ৰী ৰূপেশ গোৱালাৰ সমষ্টিৰ FRU ত চূড়ান্ত মইমতালি