Local, Vocal, Global

শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা কৃত্ৰিম উপগ্ৰহ লৈ মহাকাশৰ দিশে ৰকেট…

ডিজিটেল ডেস্ক :সমগ্ৰ জীৱন শিক্ষা আৰু শিক্ষাৰ্থী সকলৰ বাবে সমৰ্পন কৰা প্ৰয়াত এ পি জে আব্দুল কালাম মৃত্যুৰ পাছতো অমৰ হৈ ৰ’ল । দেশৰ ভিন্ন প্ৰান্তৰ ৫ হেজাৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা ১৫০ টাকৈ উপগ্ৰহ কঢ়িয়াই মহাকাশলৈ উৰা মাৰিলে এটি ৰকেটে ।ড০ এ পি জে আব্দুল কালাম ইণ্টাৰনেচনেল ফাউণ্ডেচনে মাৰ্টিন ফাউণ্ডেচন এণ্ড স্পেচ জোন অৱ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত ৰকেট উৎক্ষেপণৰ আয়োজন কৰিছিল।

সমগ্ৰ দেশৰ পৰা ৫,০০০ ৰো অধিক শিক্ষাৰ্থীয়ে এই প্ৰকল্পটোৰ বাবে ১৫০ টা পিকো উপগ্ৰহৰ ডিজাইন আৰু বিকাশৰ ওপৰত কাম কৰিছিল। মুঠতে, ১০০ খনতকৈও অধিক চৰকাৰী বিদ্যালয়ৰ ২,০০০ শিক্ষাৰ্থী এই ৰকেট প্ৰকল্পত জড়িত হৈ আছে।নিৰ্বাচিত শিক্ষাৰ্থীসকলে উপগ্ৰহ প্ৰযুক্তিৰ ওপৰত ভাৰ্চুৱেল প্ৰশিক্ষণ লাভ কৰিছিল, যাৰ পিছত ব্যৱহাৰিক কৰ্মশালা ৰখা হৈছিল য’ত তেওঁলোকে প্ৰকল্পটোৰ বিষয়টোৰ বিষয়ে অধিক জানিব পাৰিছিল।

এক বিবৃতি অনুসৰি, এই বৃত্তিয়ে প্ৰদান কৰা বহুতো লাভালাভৰ বিষয়েও তেওঁলোকক অৱগত কৰা হৈছিল। এই সমগ্ৰ অভিযান আছিল এ পি জে আব্দুল কালাম উপগ্ৰহ নিক্ষেপণ বাহন অভিযান, ২০২৩ ৰ এক অংশ।ভাৰতক মহাকাশ বিজ্ঞান তথা প্ৰযুক্তিৰ দিশত শক্তিশালী কৰি তোলা ব্যক্তি সকলৰ অন্যতম আছিল এ পি জে আব্দুল কালাম । এই গৰাকী মহান ব্যক্তিয়ে দেখিছিল বহু সপোন । ভাৰতৰ শিক্ষাৰ্থী সকলৰ তথা শিক্ষাৰ গুণগত মানদণ্ড বৃদ্ধি কৰিবলৈ এক প্ৰকাৰৰ সংকল্প লৈছিল আব্দুল কালামে । সকলোৰে নমস্য ব্যক্তিগৰাকীয়ে শিক্ষাৰ্থী সকলক অনুপ্ৰাণিত কৰিছিল কেৱল সপোন দেখিবলৈ, কল্পনাৰ আকাশত বিচৰণ কৰিবলৈ । এয়াই আছিল আব্দুল কালামৰ ব্যক্তিসত্ত্বাৰ পৰিসৰ ।

ভাৰতে শেহতীয়াকৈ এ পি জে আব্দুল কালাম কৃত্ৰিম উপগ্ৰহ প্ৰক্ষেপন বাহন অভিযান, ২০২৩ ৰ অধীনত প্ৰক্ষেপন কৰিলে এক ৰকেট । এই ৰকেটত আছিল দেশৰ বিভিন্ন প্ৰান্তৰ ৫০০০ হেজাৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰা ১৫০ টা কৃত্ৰিম উপগ্ৰহ ।

উল্লেখ্য যে, এইটো আছিল ভাৰতৰ প্ৰথম হাইব্ৰিড ৰ’কেট । অৰ্থাৎ এই ৰ’কেটৰ বাবে ব্যৱহাৰ কৰা ইন্ধনৰ এক অংশ কঠিন অৱস্থাত আৰু আন অংশ জুলীয়া অথবা গেছীয় অৱস্থাত থাকে । আনহাতে, শিক্ষাৰ্থী সকলে তৈয়াৰ কৰি উলিওৱা কৃত্ৰিম উপগ্ৰহসমূহক কোৱা হয় পিক’ উপগ্ৰহ অৰ্থাৎ যি উপগ্ৰহৰ ওজন ১ কিলোগ্ৰাম অথবা তাতোলৈ কম । ইয়াৰ ওপৰিও এই ৫ হেজাৰ শিক্ষাৰ্থীৰ ২ হেজাৰৰো অধিক আছিল চৰকাৰী বিদ্যালয়ৰ।বিভিন্ন ৰাজ্যৰ পৰা ১৫০ টা ছাত্ৰ-ছাত্ৰী নিৰ্মিত উপগ্ৰহ কঢ়িয়াই অনা ৰকেট উৎক্ষেপণৰ লগে লগে দেওবাৰে (১৯ ফেব্ৰুৱাৰী) এ পি জে আব্দুল কালাম উপগ্ৰহ উৎক্ষেপণ বাহন মিছন ২০২৩ আৰম্ভ হয়।