Local, Vocal, Global

ডকাইতি কাইডাৰে ৰাজপথৰ পৰা কাঢ়ি লৈ গ’ল মটৰ চাইকেল

নিউজ ডেস্ক, ১১ মাৰ্চ ২০২২ : বৃহস্পতিবাৰে নিশা পুলিবৰ আৰক্ষীৰ জালত পৰে দুই যুৱক । এজন ব্যক্তিক ডকাইতি কাইডাৰে ভয় ভাবুকি দি এখন মটৰ চাইকেল লৈ গৈছিল বুলি পুলিবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াই সাংবাদ মাধ্যমৰ আগত অৱগত কৰে। চিত্ৰৰঞ্জন বুঢ়াগোসাঁই নামৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জনোৱা মতে দুয়োজন যুৱকে নিজকে ৰিকোভাৰি এজেন্ট বুলি পৰিচয় দি লক্ষ্যজ্যোতি গায়ন নামৰ ব্যক্তি জনৰ AS-04Y-4100 নম্বৰৰ মটৰ চাইকেলখন কাঢ়ি লৈ যোৱাৰ লগতে সোনৰ গহনা, মনি বেগ আদিও কাঢ়ি লৈ যায় ।

এই ঘটনা সন্দৰ্ভত যোৰহাটৰ পুলিবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে লক্ষ্যজ্যোতি গায়নে। এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি পুলিবৰ আৰক্ষীয়ে দুয়োটা দুষ্কৃতিকাৰী যুৱক শিশিৰ কাশ্যপ আৰু ঋধিমান কাশ্যপ নামৰ দুই যুৱক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে পূৰ্বেও এনে অসামাজিক কামৰ লগত জড়িত আছিল এই যুৱক দুজন।