Road Accident: বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৯ছেপ্টেম্বৰ : সোমবাৰে ৰাজ্যজুৰি পালন কৰা হৈছে বিশ্বকৰ্মা পূজা(Road Acciden) । বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে কেইবাটাও স্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তাৰ মাজতে সোমবাৰে নিশা টিংখাঙ সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ।
উল্লেখ্য যে , সোমবাৰে নিশা টিংখাঙৰ কুঁৱৰীগাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident in tingkhon) । টিংখাঙৰ কুঁৱৰীগাঁৱত ইক’ বাহন দুৰ্ঘনাত পতিত হয় । টিংখাঙৰ কুঁৱৰীগাঁৱত পথৰ দাঁতিত থকা কাঁটা তাঁৰত খুন্দা মৰাৰ ফলত ৰাজপথৰ মাজতে এখন ইক’ বাহন কেইবাবাৰো বাগৰি পৰে। জানিব পৰা মতে ইক’ বাহনখনৰ নম্বৰৰ এ এছ ০৬ এ জি ৩১৭৬ । নাহৰকটীয়াৰ পৰা টিংখাং অভিমুখে আহি আছিলএ এছ ০৬ এ জি ৩১৭৬ নম্বৰৰ ইক’ বাহনখন । এই দুৰ্ঘটনাৰ ফলত এগৰাকী মহিলা আৰু এজন পুৰুষ থিতাতে নিহত হোৱাৰ লগতে বাহনখনত থকা আন কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়(Road Accident in tingkhong 2 killed several injured)।
এই শোকাৱহ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হয় আৰু দুৰ্ঘটনাত নিহত দুগৰাকীক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে। আহত ব্যক্তিসকলক ততাতৈয়াকৈ নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক :Parliament Special Session : আজিৰে পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশনৰ কাৰ্যসূচী