Local, Vocal, Global

Road Accident in Titabor : ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত স্বামী,গুৰুতৰভাৱে আহত পত্নী

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত স্বামী,গুৰুতৰভাৱে আহত পত্নী ।

শনিবাৰে পুৱা তিতাবৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। শনিবাৰে পুৱা যাত্ৰীবাহী মেজিক আৰু বাইকৰ মাজত সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় এজন ।

উল্লেখ্য যে, তিতাবৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তিতাবৰৰ বান্দৰচলিহা চামগুৰিত এখন যাত্ৰীবাহী মেজিকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী । আনহাতে গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা । আহত মহিলাগৰাকী তেওঁৰ পত্নী(Road Accident in Titabor)।

ঘটনাৰ বিৱৰণ অনুসৰি, বান্দৰচলিহা পৰা তিতাবৰ নগৰৰ অভিমুখে গৈ থকা AS-03CC-5058 নম্বৰৰ যাত্ৰীবাহী মেজিক খনে তিতাবৰ নগৰৰ পৰা বান্দৰচলিহা অভিমুখে গৈ থকা AS-03Z-2907 নম্বৰৰ হোণ্ডা ছাইন বাইকখনত সন্মুখৰ পৰা খুন্দা মাৰে। ফলত থিতাতে নিহত হয় বাইক চালকজন।

নিহত বাইক আৰোহীজনৰ নাম প্ৰণৱ হাতীমতা। তেওঁ পত্নীক লগত লৈ তিতাবৰ নগৰৰ পৰা বান্দৰচলিহা অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। আনহাতে সংকট জনক অৱস্থাত পত্নী লক্ষীমণি গগৈ হাতীমতাক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। সমগ্র ঘটনাই তিতাবৰত শোকৰ ছাঁ পেলাইছে।

লগতে পঢ়ক : Youth from Silapathar goes Missing : কেৰেলাত সন্ধানহীন চিলাপথাৰৰ যুৱক