Local, Vocal, Global

Road Accident in Titabar : ইকো ভান ৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী

তিতাবৰ,৮আগষ্ট : এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘঠনাত থিতাতে নিহত এজন।

তিতাবৰ বৰহোলা নাগিনীজুৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনাটো(Road Accident in Titabar) ।

জানিব পৰ মতে, বজাৰলৈ মাছ আনিবলৈ যাওঁতেই নাগিনীজুৰি মিৰি গাওঁত Eco Van ৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী। নিহত স্কুটী আৰোহীজন হেম চুতীয়া বয়স (৪৮) বুলি জানিব পৰা গৈছে ।

নগাবাদ দিশৰ পৰা আহি থকা AS-03AD-2423 ECO VAN বাহনখনে খুন্দা মাৰে । এই দুৰ্ঘটনাটো সংঘটিত কৰিয়ে ECO VAN বাহন খনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদি নিশা বৰহোলাত আৰক্ষীয়ে অভিযান চলাই বাহন খন জব্দ কৰিবলৈ সক্ষম হয়।

বৰ্তমানেও ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে বৰহোলা আৰক্ষীয়ে ।

লগতে পঢ়ক : Landslide in Narengi Sonapur connecting Road : মহানগৰীৰ নিকটৱৰ্তী আমচিং-যোৰাবাটৰ নাৰেংগী-সোণাপুৰ সংযোগী পথত ভূমিস্খলনৰ ঘটনা