Local, Vocal, Global

Road Accident in Tezpur : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য ;তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত এজন

নিউজ ডেস্ক,১৬জুলাই : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে (Sensational Incident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(
Road Accident in Tezpur)।

পুনৰ ৰাজ্যত ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত এজন ।

তেজপুৰৰ দোলাবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহীক ।ফলত থিতাতে নিহত হয় বাইক আৰোহী ।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত হোৱা যুৱকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : Road Accident in Sadiya : বৈদ্যুতিক খুঁটাত খুন্দা বাইকৰ ;থিতাতে নিহত এজন