Local, Vocal, Global

Road Accident in Teok : দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ,মুমূৰ্ষ অৱস্থাত উদ্ধাৰ যুৱক

নিউজ ডেস্ক, ৫ ডিচেম্বৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । দুখনকৈ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ । ৰাজপথত মহতিয়াই নিলে অচিনাক্ত লোকক(Road Accident in Teok) ।

মঙলবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা । মঙলবাৰে পুৱতি নিশা টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ।

জানিব পৰা মতে, মঙলবাৰে পুৱতি নিশাই দুখনকৈ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । লগতে এখন অচিনাক্ত বাহনে ৰাজপথতে মহতিয়াই থৈ যায় এজন যুৱকক ।

উল্লেখ্যে যে, AS 01DD 4915 আৰু WB 23C 0786 নম্বৰৰ ট্ৰাক দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে এখন ট্ৰাকৰ চালকসহ হেণ্ডিমেন পলাই যায় যদিও আনখন ট্ৰাকৰ চালক বাহনখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে(One Dead and One Injured in Teok) ।

এই দুৰ্ঘটনাৰ ফলত ট্ৰাক চালকজন গুৰুতৰভাৱে আহত হয় ৷ আহত ট্ৰাক চালকজনক ততাতৈয়াকৈ স্থানীয় লোকে আৰক্ষীৰ সহায়ত দুৱাৰ আৰু গ্লাচ ভাঙি উদ্ধাৰ কৰে আৰু যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে(One Dead and One Injured in 37 th nh of Teok) ।

আনহাতে, ঘটনাস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰৈত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকক । স্থানীয় লোকৰ ভাষ্য অনুসৰি অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক ৷ মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ নাম শংকৰ মাহিলী বুলি জানিব পৰা গৈছে । স্থানীয় লোকে যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে । চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ কাম চলি থকাৰ বাবেই এনে দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি পোৱা বুলি স্থানীয় লোকে কয় ৷

লগতে পঢ়ক : Workers Trapped Under Sacks:গুদামত আৱদ্ধ ১০ জনতকৈ অধিক শ্ৰমিক, অব্যাহত আছে উদ্ধাৰ অভিযান