Road Accident : মটৰ চাইকেলসহ গভীৰ পুখুৰীত বাগৰি পৰিল দুই বাইক আৰোহী, নিহত এজন

নিউজ ডেস্ক, ২৯ জানুৱাৰী : ভয়ংকৰ পথ দুৰ্ঘটনা ! মটৰ চাইকেলৰ খুন্দাত নিহত এজন,গভীৰ পুখুৰীত বাগৰি পৰিল দুই বাইক আৰোহী । তামাৰহাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Road Accident)।
জানিব পৰা মতে, তামাৰহাটত এখন মটৰ চাইকেলসহ গভীৰ পুখুৰীত বাগৰি পৰে দুই বাইক আৰোহী।ইফালে মটৰ চাইকেলৰ খুন্দাত নিহত হয় ভাটিপেটলা গাঁৱৰ খমীৰ আলী নামৰ এজন লোক।
উল্লেখ্য যে, ধুবুৰী অভিমুখে গৈ থকা সময়ত ১২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় পথৰ তামাৰহাটৰ ভাটিপেটলা গাঁৱত সংঘটিত হয় এই ঘটনাটো।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে মধ্যপেটলা গাঁৱৰ ৰাজেশ কুণ্ড আৰু মধু কুণ্ড নামৰ লোক দুজনক ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু ঘাইপথ অৱৰোধ কৰে । ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়, আৰক্ষী উপস্থিত হোৱাৰ পিছতে পৰিস্থিত আৰু অধিক উত্তপ্ত হৈ পৰে ।
লগতে পঢ়ক : Road Accident in Jorhat : নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাহন সোমাল বাসগৃহত; নিহত দুজন, আহত এজন