Local, Vocal, Global

Road Accident in Sontoli : বাইক দুৰ্ঘটনাগ্ৰস্ত, আহত তিনিজন

নিউজ ডেস্ক,৩জুন : ভয়ংকৰ পথ দুৰ্ঘটনা । আহত তিনিজনকৈ লোক ।

কামৰূপৰ সোণতলীত ভয়ংকৰ পথ দুৰ্ঘটনা । দেওবাৰে নিশা সোণতলী-নগৰবেৰা ই এণ্ড ডি মথাউৰিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো৷

জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই AS 25 J 7996 নম্বৰৰ বাইক এখন দুৰ্ঘটনাত পতিত হয় ৷ফলত বাইকখনত থকা তিনিজনৰ লোক গুৰুতৰভাৱে আহত হয় ।

আহত লোককেইজন ক্ৰমে সোণতলীৰ পথালিপাৰাৰ আব্দুল আলিম, ছফিকুল ইছলাম আৰু ৩ নং দক্ষিণ ৰাঙাপানীৰ ৰশিদ আলী(Road Accident in Sontoli) ৷

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আহত আটাইকে স্থানীয় ৰাইজে সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱাৰ বিপৰীতে দুৰ্ঘটনাগ্ৰস্ত বাইকখন সোণতলী আৰক্ষীয়ে জব্দ কৰে ৷

লগতে পঢ়ক : Weapon seized from Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিষ্ফোৰক সামগ্ৰী