Local, Vocal, Global

Road Accident in Sonari : নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ’ পিকআপ বাহনখনৰ খুন্দা বিদ্যুৎ পৰিবাহী খুঁটাত,আহত মহিলা শ্ৰমিক

সোণাৰি,২২অক্টোবৰ : সোণাৰিৰ জবকাত ভয়ংকৰ পথ দূৰ্ঘটনা।জবকাত বলেৰ’ পিকআপ বাহন দুৰ্ঘটনাগ্ৰস্ত ।ফলত গুৰুতৰভাৱে আহত কেইবাগৰাকীও মহিলা চাহ শ্ৰমিক।

জানিব পৰা মতে,সোমবাৰে সোণাৰি দিশৰপৰা খামলুঙলৈ কেঁচা চাহপাত সহ ২০ গৰাকী মহিলা শ্ৰমিক কঢ়িয়াই নিছিল বলেৰ’ পিকআপ বাহনখনে।তীব্ৰ গতিৰে যোৱা বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই উচ্চ বিদ্যুৎ পৰিবাহী খুঁটাত খুন্দিয়াই ফলত ভাগি পৰে বিদ্যুতৰ খুঁটা(Road Accident in Sonari)।

এই ঘটনা সংঘটিত হোৱাৰ উমান পাই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক আৰু ততাতৈয়াকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :Fire Break Out in Bilasipara : বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত চাৰিটাকৈ বাসগৃহ,ক্ষয়-ক্ষতি লক্ষাধিক টকাৰ সা-সম্পত্তিৰ