Local, Vocal, Global

Road Accident in Sonapur: তীব্ৰবেগী চুইফট ডিজাইৰৰ খুন্দাত স্কুটিত;গুৰুতৰভাৱে আহত স্কুটি আৰোহী

সোণাপুৰ,১০আগষ্ট : সোণাপুৰৰ কলেজগেটত ভয়ংকৰ পথ দূৰ্ঘটনা। এখন তীব্ৰবেগী চুইফট ডিজাইৰৰ খুন্দাত স্কুটিত । ফলত গুৰুতৰভাৱে আহত স্কুটি আৰোহী।

আহত স্কুটি আৰোহী দুজনৰ এজন সোণাপুৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ বুলি জানিব পৰা গৈছে(Road Accident in Sonapur)।

জানিব পৰা অনুসৰি , উজনিৰ পৰা গুৱাহাটী অভিমুখী AS 12Y 5319 নং’ৰ এখন তীব্ৰবেগী চুইফট ডিজাইৰ বাহনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওঁতেই As 01 Fw 3376 নং’ৰ এখন স্কুটিক প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত গুৰুতৰভাৱে আহত হয় ছাত্ৰগৰাকী।

ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰ গৰাকীক স্থানীয় লোকৰ তৎপৰতাত সোণাপুৰ জিলা চিকিৎসালয়লৈ লৈ অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : কৰিমগঞ্জত জব্দ ১১৫ কোটি টকাৰ হেৰ’ইন আৰু ইয়াবা টেবলেট;আটক সৰবৰাহকাৰী