Local, Vocal, Global

Road accident in Sivasagar: অচিনাক্ত বাহনে মহতিয়াই নিলে বাইক আৰোহীক;নিহত এজন,আহত এজন

নিউজ ডেস্ক,২৫ছেপ্তেম্বৰ : মঙলবাৰে নিশা শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী থানাৰ অন্তৰ্গত জি জি এছ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত আন এজন(Road accident in Sivasagar)৷

জানিব পৰা মতে, জি জি এছ চাৰিআলিত অচিনাক্ত বাহনে মহতিয়াই নিয়ে এ এছ ০৪ ভি ৭৪২৬ নম্বৰৰ বাইক আৰোহীক।ফলত থিতাতে নিহত হয় ব্যক্তিজন ৷ নিহত ব্যক্তিজন অৰবিন্দ ৰাজখোৱা বুলি চিনাক্ত কৰা হৈছে।আনহাতে আহত ব্যক্তিজন দ্বীপেন দাস ।

মৰিগাঁৱৰ নিবাসী অৰবিন্দ ৰাজখোৱা পকামিস্ত্ৰী হিচাপে দ্বীপেন দাস নামৰ ব্যক্তিজনৰ ঘৰত কৰ্মৰত আছিল। গুৰুতৰভাৱে আহত আনজন ব্যক্তি দ্বীপেন দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাস্থলীত উপস্থিত হৈ জয়সাগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আহত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহত অৰবিন্দ ৰাজখোৱাৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা সম্পাদনৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক :Jammu and Kashmir assembly election:আজি জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ