Local, Vocal, Global

Road Accident in Sivasagar : দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক; কথমপি প্ৰাণ ৰক্ষা;চালক-হেণ্ডিমেনৰ

শিৱসাগৰ,১৭জুলাই : ভয়ংকৰ দুৰ্ঘটনা । নৈত পৰিল ১২ চকীয়া ট্ৰাক ।

শিৱসাগৰৰ দিচাং ৰজাবাৰীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক। মঙলবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দিচাং দলঙত সংঘটিত হয় এই দুৰ্ঘটনাটো ।

জানিব পৰা মতে, তিনিচুকীয়াৰ পৰা যোৰহাটলৈ ৰড কঢ়িয়াইছিল ট্ৰাকখনে। সেই সময়তে দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰে ১২ চকীয়া ট্ৰাকখন । কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। চালক হেণ্ডিমেন নদীত পৰিছিল যদিও সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হয় । সাঁতুৰি নৈ পাৰ হয় মুকিবুৰ ৰহমান, দিলদাৰ হুছেইনে নামৰ দুই লোকে (Road Accident in Sivasagar)।

বৰ্তমান ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

বৰ্তমান ট্ৰাকখন উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে আৰক্ষী, SDRFৰ দলে ।

লগতে পঢ়ক : Japanese Encephalitis : ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ মৃত্যু শিশুৰ