Local, Vocal, Global

Road Accident in Sipajhar: নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ ট্ৰাকত প্ৰচণ্ড খুন্দা মটৰ চাইকেলৰ;নিহত এজন,আহত এজন

ছিপাঝাৰ,১৭অক্টোবৰ : শোকাৱহ দুৰ্ঘটনা ।দুৰ্ঘটনাত থিতাতে নিহত এজন,আহত এজন ।

ছিপাঝাৰৰ দুমুনীচকীত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুমুনীচকীত।নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা AS-12-BC-3051 নম্বৰৰ ট্ৰাকত প্ৰচণ্ড খুন্দা মটৰ চাইকেলৰ। ফলত নিহত এজন,গুৰুতৰভাৱে আহত এজন ।নিহত যুৱকজন কোকৰাঝাৰৰ বাঘদোগ্ৰাৰ ৰকিবুল হুছেইন বুলি জানিব পৰা গৈছে।ইফালে গুৰুতৰভাৱে আহত লোকজন আলী হুছেইন । আলী হুছেইন বৰ্তমান সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছে(Road Accident in Sipajhar)।

জানিব পৰা মতে কোকৰাঝাৰৰ পৰা অৰুনাচল অভিমুখী আছিল যুৱক দুজন।

লগতে পঢ়ক :Fire Break Out in Dibrugarh: লক্ষ্মীপূজাৰ দিনাই ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড