Local, Vocal, Global

Road Accident in Sipajar : ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত চাইকেল আৰোহী

ছিপাঝাৰ,২ডিচেম্বৰ : ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। কদমতলি চ’কত ট্ৰাকৰ খুন্দা চাইকেলত।ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত এজন চাইকেল আৰোহী।

আহত লোকজন‌ ছিপাঝাৰৰ ভূক্তাবাৰীৰ হৰমোহন বৰা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত হৰমোহন বৰাৰ বাওঁ ভৰি ভাঙি যায়।আহত লোকজনক ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ AS01 DD 3578(Road Accident in Sipajar)।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখন জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

লগতে পঢ়ক :24 year old girl went missing from Guwahati :বিউটি পাৰ্লাৰ লৈ যোৱাৰ পথত নিখোজ ছাত্ৰী