Local, Vocal, Global

Road Accident in Sarthebari : বল বমলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক,২৯জুলাই : বল বমলৈ যোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত । কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ ।

সোমবাৰে পুৱাই সৰ্থেবাৰীৰ বেঙাপাৰাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। বেঙাপাৰাত দুৰ্ঘটনাত পতিত বল বমলৈ যোৱা বাহন। কথমপি প্ৰাণ ৰক্ষা ৫ শিশুসহ ৮জনকৈ যাত্ৰীৰ।

জানিব পৰা মতে,সৰভোগৰ বেঁকী নদীৰ পৰা ঘৰলৈ আহি আছিল ভক্তসকল। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা(Road Accident in Sarthebari)।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ আহত ভক্তসকলক উদ্ধাৰ কৰি সৰ্থেবাৰী চিকিৎসালয়ত ভৰ্তি কৰাই ।

বৰ্তমান ঘটনাস্থলীত উপস্থিত হয় সৰ্থেবাৰীৰ আৰক্ষী ।

লগতে পঢ়ক : APSC Scam : APSC কেলেংকাৰি;আজি ৰাকেশ পালসহ ৩২গৰাকী দোষী সাব্যস্ত বিষয়াৰ শাস্তিৰ ৰায়দান