Road Accident in Samaguri : ফ্লায়িং স্কোৰ্ডৰ বাহন দূৰ্ঘটনাগ্ৰস্ত;নিহত ফ্লায়িং স্কোৱাডৰ বিষয়া
নিউজ ডেস্ক,৮এপ্ৰিল : চামগুৰি শোকাৱহ পথ দুৰ্ঘটনা। চামগুৰিৰ হাঁহচৰা-বৰালিগাঁৱত ফ্লায়িং স্কোৰ্ডৰ বাহন দূৰ্ঘটনাগ্ৰস্ত(Road Accident in Samaguri)।
জানিব পৰা মতে, ৰাজপথত ৰখাই থোৱা ট্ৰাকত খুন্দা ফ্লায়িং স্কোৱাড টাটা মেক্সিম’ বাহনৰ। দুৰ্ঘটনাটোৰ ফলত ফ্লায়িং স্কোৱাড বিষয়া থকা টাটা মেক্সিম’ বাহন খনৰ ৪জনকৈ লোক গুৰুতৰভাৱে আহত।
আহত চাৰিওজনকে স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ। ওৰেনিশা কৰ্তব্য সমাপন কৰি ফ্লায়িং স্কোৱাডৰ দলটোৰ লোককেইজন নগাঁৱলৈ উভতি আহি আছিল।ৰাজপথত AS-02BC-3767 নম্বৰৰ টাটা মেক্সিম’খনে খুন্দিয়াই ৰখাই থোৱা ট্ৰাকখনত(Road Accident in Samaguri; one killed, four injured)।
কিন্তু ফ্লায়িং স্কোৱাডৰ বিষয়া জয়ন্ত ক্ৰ’ক নগাঁও মেডিকেল কলেজ হাস্পতালত মৃত ঘোষণা কৰে চিকিৎসকে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৰাজপথত ৰখাই থোৱা ট্ৰাকসহ চালক-হেণ্ডিমেন। নিহত জয়ন্ত ক্ৰ’ কঠিয়াতলি উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা আছিল। দুৰ্ঘটনাস্থলিত উপস্থিত হয় নগাঁও জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়াও।
লগতে পঢ়ক : Massive fire breaks out at Market : ঈদৰ আনন্দ উল্লাহৰ মাজতে মৈৰাবাৰী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড