Local, Vocal, Global

Road Accident in Sadiya : যাত্ৰীবাহী বাছ বাগৰি পৰিল দ’ খাৱৈত

নিউজ ডেস্ক,১জুলাই : যাত্ৰীবাহী বাছ বাগৰি পৰিল দ’ খাৱৈত ।

সোমবাৰ পুৱা শদিয়াৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় ৷ শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখী AS-23-CC-1387 নম্বৰৰ প্ৰিয়াংশু নামৰ বাছখন চপাখোৱা গাঁৱত দূৰ্ঘটনাত পতিত হয় ৷

জানিব পৰা মতে, যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাঁতিত থকা দ’ খাৱৈত বাগৰি পৰে ৷ ফলত গুৰুতৰভাৱে আহত হয় যাত্ৰী(Road Accident in Sadiya)৷

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, উক্ত স্থানত পথ নিৰ্মাণত বিসংগতি থকাৰ বাবেই প্ৰায়ে দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক : APYC General Secretary arrested over abduction case : অসম যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামিম সৰকাৰক গ্ৰেপ্তাৰ